পৃষ্ঠা:কনফুচিয়াছ.djvu/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
কনফুচিয়াছ

প্ৰগতিমূলক। সমস্বত্ববাদ, সমাজতন্ত্ৰ আদিৰ নিচিনা প্ৰগতিমূলক চিন্তাধাৰাকো যেন কনফুচিয়াছে আঢ়ৈ হাজাৰ বছৰৰ আগতে সক্ৰিয়ভাবে কামত লগাইছিল আৰু তাৰ ফল দেশবাসীয়ে ভোগ কৰিছিল। কনফুচিয়াছে সংস্থানহীন দুখীয়াসকলক ৰাষ্ট্ৰৰ পুজিৰ পৰা খুৱাইছিল আৰু বয়স অনুসৰি লৰা, ডেকা বুঢ়াৰ বিজ্ঞান-সম্মত বিভিন্ন আহাৰৰ ব্যবস্থা কৰিছিল। কৰ্ম্ম বিভাজনত সবল আৰু দুৰ্ব্বল সকলক শক্তি সামৰ্থ্য অনুযায়ী বিভিন্ন কামত নিয়োগ কৰিছিল। পণ্যদ্ৰব্যৰ মূল্য নিৰ্দ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰিছিল আৰু ৰাজ্যৰ ৰাজহ ভাঙি বেপাৰ বাণিজ্য উন্নতি কৰিছিল। দেশৰ পৰিবহন ব্যবস্থা উন্নত কৰিছিল। ৰাস্তা দলং আদি নিৰ্মাণ কৰিছিল আৰু পৰ্ব্বতীয়া অঞ্চলৰ বাটপথত লুটপাট কৰি ফুৰা দস্যুদল নিৰ্ম্মুল কৰিছিল। আঢ্যবন্ত বা আভিজাত্য-সম্পন্ন লোক সকলৰ ক্ষমতা খৰ্ব্ব কৰিছিল আৰু জনসাধাৰণক শোষণ আৰু দমনৰ পৰা মুক্ত কৰিছিল। আইনৰ চকুত সকলো সমান। এনে ধৰণৰ সংস্কাৰ সঁচাকৈ অতি আধুনিক আৰু ভাবিলে আচৰিত হব লাগে বুদ্ধিমত্ত ঋষি কনফুচিয়াছে কেনেকৈ অতি প্ৰাচীন কালতে এনে প্ৰগতিমূলক সংস্কাৰৰ পৰিকল্পনা কৰি তাক সক্ৰিয়ভাবে ব্যৱহাৰিক ৰাজনীতিত খটুৱাইছিল।

* * *

 এনেধৰণৰ সংস্কাৰমূলক নীতি জনধাৰণৰ মাজত অতি প্ৰিয় আৰু আদৰণীয় হৈ উঠিছিল কিন্তু স্বাৰ্থ-জড়িত ব্যক্তি আৰু