পৃষ্ঠা:কনফুচিয়াছ.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
কনফুচিয়াছ

দূৰীভূত হব। যদি আমাৰ দেশৰ সকলো লোককে শিক্ষা দিব পাৰো তেন্তে নিশ্চয় অজ্ঞতা নাথাকিব। আৰু দৰিদ্ৰতা গুচাবলৈ মানুহবিলাকক উপাৰ্জ্জনক্ষম কৰি তুলিব লাগিব। মানুহবিলাকক উপযুক্ত ব্যবসায়, অৰ্থকৰী বিদ্যা, ঘৰুৱা উদ্যোগ আদি শিকাব লাগিব আৰু চাকৰি আদিত নিয়োগ কৰিব লাগিব। এইবিলাকৰ জৰিয়তে মানুহে নিশ্চয় উপাৰ্জ্জন কৰি ভালদৰে খাব পাৰিব। মানুহে ভালদৰে খাই লৈ থাকিব পাৰিলে কেতিয়াও বেয়াকাম কৰিবলৈ নাযায়। স্বাভাবিকতে সৎ। সংসাৰৰ যাতনাইহে মানুহক কুপথে যাবলৈ বাধ্য কৰে। শিক্ষাৰ দ্বাৰা মানুহে কুপথ গ্ৰহণৰ প্ৰলোভন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। সুশিক্ষাই মানুহক সৎ কৰি ৰাখিব আৰু উপাৰ্জ্জনকাৰী শিক্ষাই মানুহৰ অভাব অনাটন বিমোচন কৰিবলৈ সক্ষম হব।”

 তেতিয়া আন এজন বিচাৰকে সুধিলে, “এই লক্ষ্যত উপনীত হবলৈ আমি কি ভাবে কাম আৰম্ভ কৰিব লাগিব।” কনফুচিয়াছে উত্তৰ দিলে— “আপোনালোক প্ৰজাৰ শাসক, দেশ খনৰ ভবিষ্যৎ আপোনালোকৰ কৰ্ম্মকুশলতাৰ ওপৰত নিৰ্ভৰ কৰিছে। গোটেই দেশখনেই এটা বৃহৎ পৰিয়াল আৰু এই পৰিয়ালটোৰ আপোনালোকেই, শাসকবৰ্গই মুৰব্বী বা কৰ্ত্তা। আপোনালোকৰ আচৰণৰ ওপৰতেই এই বৃহৎ পৰিয়ালটোৰ ঐক্য, সুখ-স্বাচ্ছন্দ্য, সমৃদ্ধি নিৰ্ভৰ কৰিছে। আপোনালোকে সকলোকে সমান চকুৰে চাব লাগিব। এতেকে আপোনালোকৰ