পৃষ্ঠা:কনফুচিয়াছ.djvu/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
কনফুচিয়াছ

সুখী আৰু বৰ ৰাজভক্ত হৈছে। ইমান কম সময়তে আপুনি এনে মহান পৰিবৰ্ত্তন কেনেকৈ ঘটাব পাৰিলে?”

 কনফুচিয়াছে লাহেকৈ উত্তৰ দিলে— “যিবোৰ মানুহ সৎ মই তেওঁলোকক পুৰস্কাৰ দিওঁ আৰু যিবোৰ অসৎ আৰু ধূৰ্ত্ত সিহঁতক শাস্তি দিওঁ। মানুহবিলাকে ভালকৈ হৃদয়ঙ্গম কৰিব পাৰিছে যে ভাল হোৱা ভাল আৰু বেয়া হোৱা বেয়া। এই সত্য উপলব্ধি কৰি মানুহবিলাকে ভাল হবলৈ অহোপুৰুষাৰ্থ কৰিব ধৰিছে। ভাল মানুহ সামাজিক আচৰণতো সজ হয় আৰু শাসকসকলৰ প্ৰতিও অনুৰক্ত হয়। গতিকে মানুহ ৰাজভক্ত বা ৰাজকৰ্ম্মচাৰীৰ অনুগত হৈ পৰে।” ডিউক— “মানুহবোৰক আপুনি কেনেকৈ সুখী কৰিব পাৰিলে?” কনফুচিয়াছ— “মই প্ৰথমতে প্ৰকৃত জ্ঞানী আৰু সাধু লোকক শিক্ষক হবলৈ বাচি লওঁ আৰু এই জ্ঞানী, পণ্ডিত, বিবেচক আৰু সাধু শিক্ষক সকলকে শিক্ষকতা কৰিবলৈ দিওঁ। শিক্ষকসকলে যাতে শিক্ষা দিওঁতে ছাত্ৰসকলক নিজৰ সন্তান জ্ঞান কৰি শিক্ষা দিব পাৰে তাৰ বাবে ব্যৱস্থা কৰো আৰু শিক্ষক সকলকো এই বিষয়ে সচেতন কৰি দিওঁ। ইয়াৰ দ্বাৰা মানুহৰ শিক্ষা-বিমুখতা উপজিবলৈ সুবিধা নাপায়। সকলো মানুহৰ বুদ্ধি বৃত্তি সমান নহয় আৰু সেই কাৰণে একে পাঠ সকলো ছাত্ৰই সমানে বুজি নাপাবও পাৰে; কিন্তু যদিও সকলোকে সমানে বুজাব নোৱাৰি সকলোকে সমানে অনুসৰণ কৰাত প্ৰবৃত্ত কৰাব পাৰি। যেতিয়া মানুহে সাধু প্ৰকৃতিৰ