পৃষ্ঠা:কনফুচিয়াছ.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
কনফুচিয়াছ

প্ৰজাতকৈ সুখী আৰু ৰাজভক্ত লোক বিচাৰি পোৱা টান হব। সচাকৈয়ে চুঙটু নগৰৰ মানুহসকলৰ জীৱনত বিৰাট পৰিৱৰ্ত্তন ঘটিল। তাৰ মানুহে সুশাসন কাক বোলে তাৰ সোৱাদ পালে আৰু আগ্ৰহেৰে ৰাজকাৰ্য্যত আৰু সমূহীয়া উন্নতিমূলক কামত সহযোগ কৰি দেশৰ আৰু নিজৰ উন্নতি সাধনত সৰ্ব্বতোভাবে ব্ৰতী হ’ল। “শঠ প্ৰবঞ্চনাই মূৰ লুকালে। আনুগত্য আৰু বিশ্বাস মানুহৰ চৰিত্ৰত পৰিণত হ’ল। সতীত্ব আৰু নম্ৰতা তিৰোতাৰ ভুষণ হ’ল। কনফুচিয়াছক সকলোৱে দেৱতা যেন দেখিব ধৰিলে আৰু মুখে মুখে তেওঁৰ যশগান ধ্বনিত হ’ল।”

 লু প্ৰদেশৰ মানুহবিলাক চুঙটু নগৰৰ যশ, গৌৰৱ আৰু সম্বতি ঈৰ্ষান্বিত হৈ পৰিল আৰু নিজৰ নিৰাপত্তা ৰক্ষাৰ মিছা আশঙ্কাত সিহঁতে উৎকণ্ঠা প্ৰকাশ কৰিবলৈ ধৰিলে। লু প্ৰদেশৰ ডিউকে এই সকলোবোৰৰ সম্ভেদ পাই কনফুচিয়াছৰ দৰ্শন প্ৰাৰ্থনা কৰি তেওঁক মতাই আনিবলৈ মানুহ পঠালে। ডিউকৰ কাতৰ প্ৰাৰ্থনা ৰক্ষা কৰি কনফুচিয়াছ লু’লৈ গ’ল। ডিউকে অতি আদৰ সাদৰ কৰি ৰাখি কনফুচিয়াছক সুধিলে, “কনফুচিয়াছ, আপুনি চুঙটু নগৰৰ প্ৰধান বিচাৰকৰ ভাৰ লোৱাৰ পৰা চুঙটু নগৰৰ শাসন প্ৰণালীত বহুত উন্নত ধৰণৰ সংস্কাৰ প্ৰবৰ্ত্তন কৰিছে বুলি শুনিব পাৰিছো।” “আপুনি শুনা কথা মিছা নহয়, ডিউক” কনফুচিয়াছে উত্তৰ দিলে। ডিউকে আকৌ সুধিলে, “মানুহে কোৱা শুনিছো যে আপুনি প্ৰধান বিচাৰপতি হোৱাৰ পৰা চুঙটু নগৰৰ মানুহবিলাক বেচ