পৃষ্ঠা:কনফুচিয়াছ.djvu/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
কনফুচিয়াছ

বিচাৰসম্পকীয় সকলো ক্ষেত্ৰতে সৰ্ব্বেসৰ্ব্বা আছিল। শাসকসকলো এই বিচাৰকৰ তলতীয়া আহিল।

 কনফুচিয়াছে কিছুসময় ভাবি থাকি অবশেষত এই নাগৰিকসকলৰ প্ৰস্তাৱত সম্মতি প্ৰদান কৰিলে। শিক্ষক কনফুচিয়াছ চুঙটু নগৰৰ বিচাৰক-শাসনকৰ্ত্তা হল। কনফুচিয়াছে সপোন দিঠকত পৰিণত কৰিবলৈ সুযোগ পালে। সুশিক্ষা আৰু সুশাসন একত্ৰিত কৰি জনমানবৰ সেৱাৰ উচ্চ আদৰ্শ সমগ্ৰ চীনত ডাঙি ধৰিবলৈ আৰু তাৰ মাজেদি যুজ-বাগৰত বিধ্বস্ত হৈ আদৰ্শভ্ৰষ্ট চীনক পুনৰ উদ্ধাৰ কৰিবলৈ তেওঁৰ অন্তৰত এটা অদম্য হাবিলাস আছিল। তেওঁৰ বিদ্যালয়ত শিক্ষালাভ কৰিব যোৱা ছাত্ৰসকলকো এনে শিক্ষাই দিছিল যাতে শাসনকাৰ্য্যত অংশ গ্ৰহণ কৰিব লগা হলে তেওঁলোক আদৰ্শ শাসক বা আদৰ্শ ৰাজবিষয়া হব পাৰে।

* * * *

 কনফুচিয়াছে বিচাৰকৰ আৰু শাসনৰ ভাৰ লোৱাৰ এবছৰ পাৰ নৌহওঁতেই চুঙটু নগৰ লু প্ৰদেশত প্ৰখ্যাত হৈ উঠিল। চুঙটু নগৰৰ প্ৰজাসকলে কনফুচিয়াছৰ শাসনত অতি সন্তুষ্ট হ’ল আৰু চুঙটু নগৰৰ প্ৰজাসকলক আন ৰাজ্যৰ মানুহে ঈৰ্ষা কৰিব ধৰিলে। মানুহৰ মুখে মুখে চুঙটু নগৰৰ শান্তি আৰু প্ৰগতিৰ কথা প্ৰচাৰ হব ধৰিলে। মানুহে কোৱাকুই কৰিব ধৰিলে যে কনফুচিয়াছ যেতিয়া চুঙটু নগৰৰ মেজিষ্ট্ৰেট্ হৈছে, চুঙটু নগৰৰ