পৃষ্ঠা:কনফুচিয়াছ.djvu/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
কনফুচিয়াছ

ফালে মুখ কৰি থকা মানুহে জগতৰ সৌন্দৰ্য্যৰাশিৰ কিবা সম্ভেদ পাব পাৰেনে? ইয়াকেকৈ কনফুচিয়াছে পুতেকৰ পিনৰ পৰা মুখ ঘূৰালে আৰু নিজৰ কামত লাগিল। পুতেকৰ অধ্যয়ন বিমুখতাই কনফুচিয়াছক বৰ নিৰাশ কৰিছিল। পুতেকৰ ওপৰত নিৰাশ হলেও তেওঁক বেঢ়িথকা বহুত ডেকা ছাত্ৰৰ ওপৰত সিহঁতৰ উজ্জ্বল ভবিষ্যতৰ ভৰষা কৰিব পাৰিছিল। বহুত মেধাবী ছাত্ৰই তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰি অনবৰত তেওঁৰ লগে লগে ফুৰিছিল আৰু এই শিষবোৰৰ আনুগত্য, আগ্ৰহ আৰু কৰ্তব্যপৰায়ণতাই তেওঁক বিমল আনন্দ দিছিল।

 এইদৰে শিক্ষকতা কৰি কনফুচিয়াছে ৫২ বছৰ বয়সত ভৰি দিলে। এজাক অনুগত, গুণমুগ্ধ আৰু বিদ্যানুৰাগী ছাত্ৰৰ দ্বাৰা পৰিবেষ্টিত হৈ কনফুচিয়াছে ধৰ্ম্ম, ৰাজনীতি, নৈতিকতা আদি বিষয়ে তেওঁৰ সুচিন্তিত মতবাদ প্ৰচাৰ কৰিবলৈ ধৰিলে। বিদ্যালয়ৰ পৰা ওলাই যোৱা ছাত্ৰসকলে কনফুচিয়াছৰ শিক্ষা আৰু মতবাদ বহন কৰি দেশৰ চাৰিওফালে প্ৰচাৰ কৰিলে। এদিন চুঙ্‌টু নগৰৰ এদল মানুহ কনফুচিয়াছৰ ওচৰলৈ আহি অতি বিনীত ভাবে নিবেদন কৰিলে— “আপোনাৰ জ্ঞান, বিদ্যা বুদ্ধি শুনি আমি মোহিত হৈছোঁ। সম্প্ৰতি আমি এটা অনুৰোধ লৈ আপোনাৰ ওচৰ চাপিছোঁ। আমাক যেন বিমুখ নকৰে। আপুনি আমাৰ নগৰ খনৰ প্ৰধান বিচাৰকৰ কাৰ্য্যভাৰ গ্ৰহণ কৰিব লাগে।” নগৰৰ প্ৰধান বিচাৰকৰ পদ সেইসময়ত অতি মৰ্য্যাদাসম্পন্ন আহিল। এই বিচাৰকজনেই দেশৰ