পৃষ্ঠা:কনফুচিয়াছ.djvu/৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
কনফুচিয়াছ

নিচিনাকৈ তৈয়াৰ কৰা বা‌হৰ পাতল ফলীয়া কামিৰ ওপৰত লিখা পুথি এখন মেলি লৈ পঢ়িবলৈ বহিল। কনফুচিয়াছে এইদৰে পঢ়ি থাকোঁতে সেই কোঠালৈ কোনোবা এজন অহা যেন গম পাই মূৰটো ভাঙি চালে আৰু টপামূৰা, দীঘল ডৰিয়া বুঢ়া এজনক সোমাই অহা দেখিলে। কনফুচিয়াছ তৎক্ষণাৎ বহাৰ পৰা উঠি বুঢ়াক প্ৰণাম জনালে। বুঢ়াটোৱে কনফুচিয়াছক কি পঢ়িছে শুধিলে। কনফুটিয়াছে ভালকৈ বুজি পালে যে বুঢ়াজন লাওৎছেৰ বাহিৰে অইন কোনো নহয় আৰু সসম্ভ্ৰমে উত্তৰ দিলে, “মহাশয়, এইখন পৰিবৰ্ত্তন বিধি। শুনিছো এইখন বোলে আগৰদিনৰ ঋষি সকলে পঢ়িছিল।” লাওৎছেই শুধিলে, “কিহৰ বাবে এইখন পঢ়িছা?” কনফুচিয়াছে উত্তৰ দিলে, “এইখনে মানুহক মনুষ্যত্ব আৰু ন্যায়পৰায়ণতা শিকায়।”

 লাওৎছে হঠাৎ অধৈৰ্য্য হৈ উঠিল আৰু কবলৈ ধৰিলে, “মনুষ্যত্ব আৰু ন্যায়পৰায়ণতা! পাৰ চৰাই বগা হবলৈ ওৰে দিনটো গা ধুই থাকে নেকি? নাথাকে। ই স্বাভাবিকতে বগা। মানুহৰো সেয়েই। যদি মানুহ অন্তৰত সৎ আৰু ন্যায়বান হয় তুমি সিহঁতক ন্যায়পৰায়ণতা শিকোৱাৰ কোনো প্ৰয়োজন নাই।” এইদৰে দুয়োজন দাৰ্শনিকৰ মাজত নানা কথাৰ আলোচনা চলিল। বেচি ভাগ কথা লাওৎছেই কৈ গৈছিল আৰু মাজে সময়ে কনফুচিয়াছক দুই এটা প্ৰশ্ন কৰিছিল আৰু কনফুচিয়াছেও নম্ৰভাবে উত্তৰ দিছিল।

 লাওৎছে এবাৰ সুধিলে, “তুমি পুৰণি কথাবোৰ কিয় ইমান