পৃষ্ঠা:কনফুচিয়াছ.djvu/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
কনফুচিয়াছ

ঢুকালে পুতেকে ২৭ মাহ বা ৩ বছৰ কাল অশৌচ খাটিব লাগে। মাকৰ মৃত্যুত কনফুচিয়াছে চৰকাৰী চাকৰিৰ পৰা অবসৰ ললে আৰু তিনি বছৰ কাল ৰীতিমতে অশৌচ খাটিব ধৰিলে। অশৌচ খাটি থকা সময়ছোৱাত কনফুচিয়াছে ইতিহাস, কবিতা আৰু দৰ্শনৰ অধ্যয়নত বিশেষ মনোযোগ দিলে আৰু তিনি বছৰৰ ভিতৰতে দেশৰ ইতিহাস আৰু দৰ্শন আয়ত্ব কৰে। মাকৰ অশৌচ কাল তিনি বছৰ পাৰ হৈ যোৱাতো কনফুচিয়াছে পুনৰ ৰজাঘৰীয়া চাকৰিত যোগ নিদিলে। পঢ়াশুনাই তেওঁৰ মন বেচি আকৃষ্ট কৰিলে আৰু চাকৰি কৰিবলৈ মুঠেই ভাল নলগা হ’ল। জীবিকা নিৰ্ব্বাহৰ বাবে তেওঁ আনুস্থানিক ভাবে অধ্যাপনা কৰিবলৈ আৰম্ভ কৰিলে। চাকৰি কৰি থকা কালতো কনফুচিয়াছে শিক্ষকতা কৰিছিল, কিন্তু তেতিয়া তেওঁ সম্পূৰ্ণ অবৈতনিক ভাবে মানুহক জ্ঞান দিছিল। পিছত চাকৰি এৰি দি শিক্ষকতাকে জীবিকা নিৰ্ব্বাহৰ বাবে উপাৰ্জ্জনৰ পথ হিচাবে গ্ৰহণ কৰিলে। মানুহক শিক্ষা দি আৰু নানা সমস্যাৰ আলোচনা কৰি কনফুচিয়াছে অপৰিসীম আনন্দ পাইছিল। এতেকে ৰাজপদ এৰি দি মনৰ অভিৰুচি মতে শিক্ষকতাকে সাৱটি ললে। নিজৰ ঠাইতে তেওঁ এখন বিদ্যালয় স্থাপন কৰিলে আৰু তাত সজ-আচৰণৰ নীতি, নৈতিকতা, আৰু শাসন-নীতি সম্পৰ্কীয় শিক্ষা দিবলৈ ধৰিলে।

 তেওঁৰ ছাত্ৰসকলৰ বেছি ভাগেই ডেকা লৰা আহিল। অৱস্থাবান মানুহৰ লৰা ছাত্ৰ হবলৈ আহিলে তেওঁ সিহঁতৰ পৰা