পৃষ্ঠা:কথা-গীতা.djvu/১৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
কথা-গীতা

 আকে প্ৰপঞ্চিবে লাগি অঙ্গীকাৰ কৰন্ত। যাক ক্ষেত্ৰ বুলি তাৰ যি স্বৰূপ, যেন জড় দৃশ্যাদি স্বভাৱ, যি ইছাদি ধৰ্ম্ম আছে, যি ইন্দ্ৰিয়াদি বিকাৰযুক্ত, যি প্ৰকৃতি পুৰুষ সংযোগে হয়, যি স্থাবৰ জঙ্গমাদি ভেদে ভিন্ন, সেই ক্ষেত্ৰজ্ঞ স্বৰূপত যি যেমন প্ৰভাৱ, এইসব সঙ্ক্ষেপে মোত হন্তে শুনা। তেবে কোনে বিস্তৰে কহিছে এই অপেক্ষাত কহন্ত। বশিষ্ঠাদি ঋষিসবে যোগ শাস্ত্ৰত ধ্যান ধাৰণাদি বিষয় পদে বৈৰাজাদি ৰূপে নিৰূপিছে। বহুধা নিত্য নৈমিত্তিক কৰ্ম্মাদি বিষয় বেদসবে নানা দেৱতা ৰূপে কহিছে। বেদৰ সূত্ৰ পদ সবে তটস্থ স্বৰূপ লক্ষণা কৰি বহুধা গায়াছে। যুক্তিসবো আৰম্ভ উপসংহাৰৰ এক বাক্য কৰি অসংশয় কৰি দেখাইছে। এতেকে নানাৰূপে কথনত দুৰ্ব্বোধ হুয়াছে। মঞি সঙ্ক্ষেপে সুবোধ কৰি কহো সাৱধানে শুনা। তাতে ক্ষেত্ৰৰ স্বৰূপ কহন্ত। পঞ্চ মহাভূত, তাৰ কাৰণ অহঙ্কাৰ, মহত্তত্ব, মূল প্ৰকৃতি, দশ ইন্দ্ৰিয়, মন, শব্দাদি পঞ্চতন্মাত্ৰ, এই চৌবিশ তত্ত্ব। ইছা দ্বেষ সুখ দুষ্‌খ শৰীৰ চেতনা ধৃতি। ইছাদি ক্ষেত্ৰধৰ্ম্ম পদে ক্ষেত্ৰৰ ভিতৰ বুঝিবা। ইছাদি ধৰ্ম্ম ইন্দ্ৰিয়াদি বিকাৰে সহিত ক্ষেত্ৰক সঙ্ক্ষেপে তোমাৰ আগত কহিলো।

 ক্ষেত্ৰত কৰি ক্ষেত্ৰজ্ঞক পৃথকে কহিবে লাগি জ্ঞান সাধন কহন্ত। এমন অদম্ভ হিংসাত্যাগ সহন অবক্ৰভাৰ গুৰুসেবা মৃত্তিকা জলে বাহ্য শৌচ, ৰাগ লোভ ত্যাগ মনৰ শৌচ, স্বধৰ্ম্মত স্থৈৰ্য্য, দেহৰ সংযম বিষয়ত বৈৰাগ্য, অনহঙ্কাৰ,জন্মমৃত্যু জৰা ব্যাধিত