পৃষ্ঠা:ইলা ভনীটিলৈ মুকলি চিঠি (প্ৰথম ছোৱা).pdf/৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 “আমাৰ বিবিধ সমস্যা সমাধানৰ বাবে নাৰীসকলৰ মাজত কৰ্ত্তব্যবোধ জগোৱাৰ প্ৰত্যেক চেষ্টাই আদৰণীয় । * * * দাৰিদ্ৰ্য, ৰোগ, অজ্ঞতা আৰু অন্ধবিশ্বাসবিহীন এখন নতুন ভাৰত গঢ়িবলৈ প্ৰত্যেক নাৰীয়েই সজাগ হোৱা উচিত।”

—অমৃত কাউৰ

 “যৌনক্ষুধা পাপ নহয়—নৰনাৰীৰ জীৱনত ই এটা সুন্দৰ গতি। * * প্ৰেম হ’ল—ফুলৰ দৰে, ই ফুলি উঠে আকৌ মৰহি যায়। যদি সেয়ে নহয় তেন্তে বুজিব লাগিব যে ই প্রকৃত নহয়,—নিশ্চয় ফটা কাপোৰৰে তৈয়াৰী এটা কৃত্ৰিম ফুল, নাইবা মৰিশালীৰ এক প্ৰাণহীন বস্তু।”

—লৰেন্স