পৃষ্ঠা:আশীৰ্ব্বাদ.pdf/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
আশীৰ্ব্বাদ

আগ বঢ়াই সেৱা কৰিছে। এই সেৱাৰ ফলতে গৃহস্থৰ কুশল কৰক, কল্যাণ কৰক, আয়ু বৃদ্ধি কৰক, অপায় অমঙ্গল জ্বৰ পীড়া দূৰ কৰক। ঘৰৰ অমিলা অপ্ৰীতি দিন হাই দূৰ কৰি ধৰ্ম্মত মতি স্থিৰ কৰি ধন ধান গো মহিষ মহা লক্ষ্মী নিবাস কৰি গোবিন্দে কৃপা কৰিব লাগে ॥০॥

       ২। বোলে—
কিনু ভাগ্য আজি আসি মিলিলা।
দিলেহি ৰাইজে পদৰ ধুলা ॥

ৰাইজে বুলিলে ৰজা, জ্ঞাতি বুলিলে গঙ্গা। ইয়াতে ৰাইজে ছাগৰ গৃহত হস্তীৰ পাৱ দিছে। সেই উপলক্ষে, ৰাইজক সন্তোষ দিবৰ শক্তি নাই যি দান দক্ষিণা কৰিছে ইয়াতে সকলো ৰাইজ সন্তোষ হব লাগে। গৃহস্থৰ মনৰ বাঞ্চা পূৰ্ণ কৰি ঘৰৰ বুঢ়া-বুঢ়ী, লৰা ছোৱালী, পো বোৱাৰী ডেকা-গাভৰু সকলোকে একো প্ৰমাদৰ ভাগী নকৰি গোবিন্দে কল্যাণে ৰক্ষা কৰিব লাগে ॥০॥
       ৩। বিহুৰ বাবে গৰু মহ কেইটি নোৱাইছে ধুৱাইছে ইয়াতে তিথি বাৰ নক্ষত্ৰ দিশ অনেক খিনি দোষ হব পাৰে। সকলে দোষকে খণ্ডন কৰি গো মহিষা কেইটি নিৰাপদে ৰক্ষা কৰি এটিৰ পৰা সহস্ৰটি বুদ্ধি কৰি সজ ৰূপে খেতি কৃষি সম্পাদন কৰি ধন ধান্য বৃদ্ধি কৰি গোবিন্দে কৃপা কৰিব লাগে ॥০॥

————