পৃষ্ঠা:আভাস কাব্য.pdf/৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আভাস কাব্য

 

“পাপীষ্ঠ! পামৰ! দুষ্ট সেনা ৰোমানৰ!
ই পাপৰ প্ৰতিফল পাবি অচিৰেই;
অচিৰেই পাব নশ গেৰৱ ৰোমৰ॥”
এই বুলি কৈৰে, হায়! শোক বেজাৰত
জৰ্জ্জৰিত হই তুমি আত্মঘাতী হ’লা!
শত্ৰুৰ হাতত প্ৰাণ নিতিয়াগোঁ বুলি
জানো,—আপোনাৰ প্ৰাণ আপুনি নাশিলা॥


লায়লা। *

 কাছেমৰ কন্যা তুমি, লায়লা সুন্দৰি!
প্ৰেম যে কেনুৱা বস্তু, তুমি দেখা নাই;
আাজন্ম অৱধি কিন্তু ভাবিছিলা নিতে
কায়েচকে (১) প্ৰাণে স’তে অতি ভাল পাই।

* সাৰা দেশীয় কাছেম নামেৰে এজন ধনী সদাগৰৰ জীয়েক।

(১) আৰব দেশেৰ আলিগহৰ বাদচাৰ পুতেক; এওঁ লায়লাৰ প্ৰেমত উদ্মাদ; এওঁৰ অন্য নাম মজ্‌নু।

৮০