এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আভাস কাব্য

 

চমটাৰে মাৰি পিঠি কৰিলে ৰাঙ্গলী!—
নিদাৰুণ অত্যাচাৰ! পাই অপমান।
কোৰোধত ভাহি, হ’লা আউলী বাউলী
ক্ৰোধ আৰু বেজাৰত হই বিয়াকুল
গুৰুৰ (১) কাষত গ’ল৷ আদেশ বিচাৰি,—
দুৰ্দশা তোমাৰ দেখি শ্ত্ৰুৰ হাতত,
টুকিলে গুৰুৱে, ৰাণি! চকুলো দুধাৰি॥
হুমুনীয়৷ কাঢ়ি গুৰু বুলিলে' তোমাক;—
“কান্দিছে পৰাণ দেখি, অৱস্থা তোমাৰ
শক্ৰৰ হাতত, ৰাণি! তিৰীৰ দেহাত।
এনেকুৱা অত্যাচাৰ! পাপীষ্ঠ চিজাৰ।
কিন্তু, ৰাণি! তুমি একো নকৰাঁ বিষাদ,
ই পাপৰ প্ৰতি-ফল পাব ৰোমবাসী!
‘ধ্বংস পাব ৰোম-ৰাজ্য!' তেজেৰে তোমাৰ।
এই কথা থোৱা তুমি হৃদয়ত লিখি॥
সহস্ৰ সহস্ৰ ৰাজ্য কবি পদানত
বিখ্যাত হইছে ৰোম, কিন্তু ই গৌৰৱ
ধ্বংস পাব অতি শীঘ্ৰে, জানা তুমি, ৰাণি!

(১) ব্ৰিটন বিলাকৰ পুৰোহিত বা Druid

৭৮