পৃষ্ঠা:আভাস কাব্য.pdf/৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বোডেচিয়া

 ৰোমৰ সেনাই যেৱে ব্ৰিটন বাসীক
কৰিছিলে অমানুষি নানা অত্যাচাৰ,
সহিব নোৱাৰি তুমি কোমল প্ৰাণত,
জনম ভূমিৰ দুখ-দেশীয় প্ৰজাৰ,-
বীৰাঙ্গনা ৰূপ ধৰি যুদ্ধ সাজ পিন্ধি
নগৰৰ বাজ তুমি হ’লা, বোডেচিয়া!
ঘোৰ সমৰত যোগ দিলা তুমি ৰঙ্গে,
অতুল সাহসে বান্ধি আপোনাৰ হিয়া॥
গভীৰ গৰ্জ্জন কৰি, ভীমামূৰ্ত্তি ধৰি
কৰিছিলা বিপক্ষেৰে যুদ্ধ ঘোৰতৰ,—
তিষ্ঠিব নোৱাৰি কিন্তু সমুখ যুদ্ধত
তিয়াগি তোমাক গ’ল সেনা ব্ৰিটনৰ॥
শত্ৰৰ মাজত হুই অকল সৰীয়া
অকলে অকলে যুদ্ধ কৰিলা বহুত,
বিপক্ষ সেনাৰে স’তে বীৰাঙ্গনা দৰে,
অতুল সাহস লই লাহৰী বুকুত॥
কিন্তু হায়! কত বেলি পাৰেনো সহিব।
আশ্ৰয় বিহীন লতা৷ বেগ ধুমুহাৰ?
অকল সৰীয়া তুমি বিমুৰ্চ্ছিতা হই
পৰিলা মাজত, ৰাণি! বিপক্ষ সেনাৰ।
ধৰিলে তোমাক, ৰাণি! আজ্ঞা চিজাৰৰ *


* জুলিয়চ্‌ চিজাৰ।

৭৭