পৃষ্ঠা:আভাস কাব্য.pdf/৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আভাস কাব্য

জগত বাসীৰ, হায়! হৃদয় ফলিত
থাকিব তোমাৰ ছবি, মুছিলে না যায়॥
থাকিব যিমান দিন ফৰাচীৰ নাম,
যত দিন ইতিহাস থাকিব মৰ্ত্ত্যত,
থাকিব তোমাৰ নাম, ততদিন, জোনা—
হৃদয় পটত অঁকা, এই জগতত॥


বোডেচিয়া।

Queen Boadecea, the British

warrior Queen.

 খৃষ্ট জন্ম হোৱাৰ ১ম শতাব্দিত আইচেনী বুলিবৰ এটা জাতীয়ে ব্ৰিটনত ৰাজত্ব কৰিছিল। বোডেচিয়া আইচেনী বিলাকৰে ৰনী। ৰোমৰ প্ৰধান সেনাপতি জুলিয়চ্‌ চিজাৰে ব্ৰিটন আক্ৰমণ কৰিবলৈ গৈ, বোডেচিয়া আৰু তেঁওৰ ছোৱালী দুটীক নানাৰকম অত্যাচাৰ কৰে। অৱশেষত মনৰ দুখত তেঁও আত্মঘাতী হয়।

৭৬