পৃষ্ঠা:আভাস কাব্য.pdf/৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

জোচেফাইন।

জোচেফাইনৰ ভালপোৱা জোচেফাইনৰ নিজৰ নিমিত্তে নহয়। তেঁও যে নেপোলিয়ানক প্ৰাণতকৈও অধিক ভাল পায়, সেইটোও কেৱল নেপোলিয়ানৰ নিমিত্তেহে। কাজেই, ফুলৰ সিংহাসনে স’তে প্ৰাণতকৈও প্ৰিয় নেপোলিয়াণক এৰি দিয়াটো, জোচেফাইনব পক্ষে একো টান কাম বুলি বোধ নহ’ল। অগষ্টামেৰিয়াক বিয়া কৰি নেপোলিয়ান সুখী হ’ব, তেঁওৰ প্ৰাণৰ নেপোলিয়ান নিৰাপদ হ’ব, ইয়াত জোচেফাইনৰ আনন্দত বাজে আৰু কি হ’ব পাৰে? জোচেফাইনে নেপোলিয়ানৰ সুখৰ নিমিত্তে প্ৰাণ পৰ্য্যন্ত দিবলৈও পৰা পৰামুখ নহয়।

 গধুলী হ’ল;—ৰাজ কাৰ্য্যৰ পৰা নেপোলিয়ান নিজৰ শোৱা কোঠালৈ (অৰ্থাং জোচেফাইনৰ ওছৰলৈ) গ’ল। জোচেফাইনে নেপোলিয়ানক দেখিলে জগত পাহৰি যায়,—ওছৰতে নেপোলিয়ানক দেখি, মূহুৰ্তৰ ভিতৰতে জোচেফাইনৰ হৃদয়ৰ পৰা সকলো বিলাক। চিন্তা ভাবনা দূৰ হ’ল। তেঁও হাঁহি ২ নেপোলিয়ানৰ বুকৰ মাজত মুৰটো সুমালেগৈ; কিন্তু নেপোলিয়ানৰ হৃদয়ত সেই দিনা সেই দৃশ্য সহ্য নহ’ল! যি নেপোলিয়ানৰ হৃদয় শিকতকৈও টান বুলি জগতে জানে, যুদ্ধ ক্ষেত্ৰত মনুহৰ তেজেৰে দেশ ৰাঙ্গলী কৰিও যাৰ হৃদয় ক্ষন্তেকৰ নিমিত্তেও গলি

৬৩