পৃষ্ঠা:আভাস কাব্য.pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আভাস কাব্য
 

কত কান্দি সিকালত উখহালা চকু
অকলে অকলে, তুমি বিয়াকুল হই॥
 ভাগ্যবলে কিন্তু, দেবি! দুখৰ কালত
পাইছিলা এটী তাত সঙ্গিনী প্রাণৰ;
সৰমা, সৰল প্ৰাণা, বিভিষণ প্রিয়া
প্রফুল্ল পদ্মিনী, দেবি! ৰাক্ষস কুলৰ॥
সৰমাৰে স’তে দেবি! অশোক বনত
কটালা বহুত কাল; পাছে তযূ স্বামী
সবংসে ৰাক্ষস নাশি, কৰিলে উদ্ধাৰ;
পালা তুমি পুণু স্বামী, জনক নন্দিনি!
স্বামী দেৱৰৰে স’তে আহিলা আকউ
(অগ্নি পৰিক্ষাত উঠি) অযোধ্যা পুৰত
কত আশা কৰি, (কিন্তু কান্দি উঠে প্রাণ!)
পুণু তযূ বনবাস অদৃষ্ট-দোষত॥
প্ৰজাৰঞ্জনৰ হেতু মিছা গ্লানীভয়ে,—
ছল কৰি স্বামী তযু কৰিলে বৰ্জ্জন
বাল্মিকীৰ তপোবনে,—পূর্ণ গর্ভা তুমি;
পুনু হ’লা অনাথিনী বিধিৰ লিখন!!
মুনি পত্নী সবে স’তে থাকি কত কাল
প্রসবিলা দুটী পুত্ৰ-লব আৰু কুশ;