এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
আভাস কাব্য
 

অতি ভাগ্যৱতী তুমি, পালা হাতে হাতে
ভক্তি-প্ৰেম ফুলে স’তে পুজিব মুৰাৰি॥
দিনৰাতি কৰে ধ্যান যাৰ শ্ৰীচৰণ
ব্ৰহ্মাআদি লোকপাল, নাৰদাদি মুনি,—
তেনুৱা কৃষ্ণৰ তুমি দূতী ৰূপী সখী
প্ৰণমো তোমাক আমি, ব্ৰজৰ গোপিনি!


বৈদেহী।

অযোনী সম্ভৱা, দেবি জনক জীয়াৰি!
পবিত্ৰ কাৰিনী তুমি আপুনি কমলা;
স্বামীৰ নিমিত্তে মাথো মিথিলা পুৰত
মৈথিলীৰ ৰূপে তুমি অৱতীৰ্ণ হ’লা॥
হৰধনু ভঙ্গকৰি, লভিলে তোমাক,
ৰমণী কুলৰ ৰত্না ৰামে জগতত;
বিষ্ণু অৱতাৰ ৰাম, তুমি বিষ্ণু প্ৰিয়া,
কমলা-কমলাপতি মিলিল মৰ্ত্যত॥
কিন্তু, হে বৈদেহী দেবি। কপাল দোষত
সুখভোগ নঘটিলে ভাগ্যত তোমাৰ;