পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
 

চতুৰ্থ অধ্যায়।

—পতিতা –

 সেই দিনা ৰাতি প্ৰতিমাৰ ওচৰৰ পৰা আহি মাধৱ মালৱিকাহঁতৰ ঘৰলৈ গ'ল। মালৱিকাই তেতিয়া মাধৱে দিয়া এলবামখনকে লৈ ছবি চাই আছিল। মাধৱ গৈ ওচৰতে বহিল। মালৱিকাই সুধিলে—“কলৈ গৈছিল?”
 মাধৱ।— চুৰ কৰিবলৈ।
 মালৱিকা।—যাওক, কি ধেমালিখন কৰে।
 মাধৱ।—তুমি দেখোন জানাই, মই মিছা কথা ক’ব; নাজানো ৷ সঁচাকৈয়ে চুৰ কৰিবলৈ গৈছিলোঁ।
 মাল।—কি চুৰ কৰিলে?
 মাধৱে তেওঁৰ চুৰ কৰাৰ কাহিনী বিবৰি ক'লে। মালৱিকাই কোনো মন্তব্য প্ৰকাশ নকৰি থৰ লাগি শুনি থাকিল।
 মাধৱে ক'লে—“কি হে! থৰ লাগিলা দেখোন! তুমি হবলা মোক চোৰ বুলি আজিহে জানিলা! নহয়, মই ল’ৰা কালতে এবাৰ আগেয়েও চুৰ কৰিছিলোঁ। কিয় শুনিবা? পিতাৰ পৰা এটা মানুহে ৰূপ আঢ়ৈ কৰি ধাৰ কৰিছিল, সুতেমূলে হ'লগৈ এশৰ ওপৰ। তাৰ বেয়া হৈ পৰিছিল যে সিমানখিনি