পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

৩ অনুষৗনাবৃত্তি । জিমতে চেলে বিলীৰ্ঘক্ত কিাৰ্কিত কাৰণে মই ক্যান্সাৰ গ্লাহইতাৰু কৰগ্ৰাচ-গভৗদিয়া ক্লিচ্চি, চক্সেয়েস্থলোজিপেদাপুনিবাইয়াঞ্চচাক্ষীমাংসা তৈযাকাত Fe চিকি: BBB : শিক্ষা কাৰ্যচিনি। মাধৱ। কেতিয়াও নহয়। 'ন? '  প্ৰতিমা। আপুনি কংগ্ৰেচ কেম্পলৈ যোৱা নাই। যোৱা হ’লেই মোৰ কথাৰ সত্যতা বুজিলেহেতেন। তাত জাত-কুলৰ বিচাৰেই নাই।
 মাধৱ। কেম্পত নাথাকিব পাৰে, কিন্তু ঘৰত আছে। স্কুল-কলেজত পঢ়া লৰাৰো বোৰ্ডিঙত বা হোটেলত খাওঁতে একো বাছ-বিচাৰ নাথাকে, কিন্তু ঘৰ পোৱামাত্ৰেই সেই লৰায়েই ঘৰুৱা নৈষ্ঠিকতা ষোল অনা সাবটি ধৰে। আন কি, এজন সুবিখ্যাত অসমীয়া ব্ৰাহ্মণে পঢ়া কালিতে খৃষ্টান ধৰ্ম্ম গ্ৰহণ কৰিও ঘৰলৈ আহি নৈষ্ঠিক ব্ৰাহ্মণ-সমাজৰ নেতৃত্ব কৰিছিল।
 প্ৰতিমা। আপোনাৰ প্ৰণালীৰে জাননা কৃতকাৰ্য্য় হ’ব পাৰিছে।
 মাধৱ। মোৰ কৃতকাৰ্য্য়তা বহুত দূৰত। সকলো বিষয়তে মোৰ চেষ্টা পাতনি মাথোন। পাতনিত বিশেষ সুফল একো নেদেখিলেও লাগি থাকিব পাৰিলে কেতিয়াবা কিবা হ'ব বুলি মোৰ বিশ্বাস আছে। আৰু যদি কিবা হয় সি প্ৰকাশ্য আৰু স্থায়ীভাবেই হ’ব।