পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

আবিষ্কাৰ

 ভিতৰৰ খোটালীটোত এখন খাট। খাটত এজনী গাভৰু শুই আছে! তেওঁৰ গা কম্বলেৰে ঢকা। মাত্ৰ মুখখন ওলাই আছে। যদিও সেই মুখত তেজ নাই, চকু কোটৰত সোমোৱা, তথাপি দেখিলেই বুজা যায় স্বাভাৱিক অৱস্থাত সেই মুখৰ জেউতি আক লাৱণ্য কম নাছিল। এতিয়া কিবা টান নৰিয়াত পৰাৰ বাবেহে ই নিস্তেজ হৈছে।  সঁচাকৈয়ে গাভৰু ৰোগ-শয্যাত শায়িতা। আজি দুসপ্তাহ হ'ল, তেওঁৰ গ্ৰহণী। মাকৰ অৱস্থা ভাল নোহোৱাত প্ৰথমতে ভাল চিকিৎসা হোৱা নাছিল। তিন দিনৰ দিনা মাধৱে খবৰ পাই এজন ডাক্তৰ লৈ গৈ দেখুৱালে! ডাক্তৰে চাই-চিতি ঔষধ দিলে। সুখৰ বিষয় ডাক্তৰজন দয়ালু, তেওঁ ৰোগিণী আৰু মাকৰ অৱস্থা দেখি পাৰিশ্ৰমিক যে নল'লেই, আন কি ঔষধৰ দামো নালাগে বুলি ক'লে। এতিয়া প্ৰশ্ন হ’ল পথ্যৰ। ডাক্তৰে ক'লে—“বাৰ্লি, বেদানা, ডালিম, গ্লক’জ,-এইবোৰেই এই ৰোগৰ পথ্য।”  মাধৱে তেতিয়াই নিজৰ খৰচত সকলো আনিলে; কিন্তু বজাৰত ক’তো বেদানা বা ডালিম নাপালে। য’তে বিচাৰে কাল বুলি মাথোন সমিধান পায়। কাৰবাৰ বাৰীত fীয়াকৈ লগা ডালিম আছে নে নাই তাৰ সম্ভেদ লোৱাৰ | তেতিয়া তেওঁৰ ডালিম পোৱাৰ আন উপায় নাছিল। [জি দহ-বাৰ দিন মাধৱে দিনে ৰাতিয়ে নোগিণীৰ শুশ্ৰুষ। । তেওঁ নিজে কোনোদিন। এমুঠি খাইছে, কোনোদিনা