পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

দ্বিতীয় অধ্যায়।

—পথ্য সংগ্ৰহ—

 ফুলনিৰ পৰা ওলাই মাধৱ ঘৰলৈ আহিল আৰু অলপ সময় বিশ্ৰাম ল’লে। তাৰ পিচত বাহিৰ ওলাই আলিয়ে আলিয়ে যাবলৈ ধৰিলে। কিছু সময়ৰ মূৰত এঘৰ মানুহৰ পদূলি পালেগৈ। পদূলি-মূৰতে অলপ ৰৈ লাহে লাহে জপনাখন মেলি সোমাই গ’ল। তেতিয়া চোতালত বা চ’ৰা-ঘৰত কাৰো সাৰ-সহাৰি নাছিল, আন কি, এটা চাকিও নাছিল। মাধৱে সঁহাৰি লগালে; কিন্তু কোনো নোলাল। ইফাল-সিফালকৈ থাকি কাকো লগ পোৱাৰ আশা নেদেখি মাধৱ লাহে লাহে ওলাই আহিল। বাটৰ কাষতে এজোপা ডালিম গছত আঠোটা কি দহোটা ডালিম আছিল। তেওঁ পূৰঠ চাই তাৰে দুটা ছিঙি জেপত ভৰালে। তাৰ পিচত যেনেকৈ গৈছিল তেনেকৈয়ে ওলাই আহিল আৰু আন এটা বাটেদি যাবলৈ ধৰিলে।

 কিছু পৰ একেৰাহে গৈ গৈ মাধৱ এটা জুপুৰি-বহাৰ ঘৰত উপস্থিত হ'ল। ঘৰটোৰ দুৱাৰ বন্ধ আছিল। দুৱাৰমুখত থিয় হৈ মাধৱে মাতিলে — “মাহী!”

 “বোপা আহিছা?” — এই বুলি এজনী আদহীয়া তিৰোতা দুৱাৰখন মেলি দিলে; মাধৱ ভিতৰ সোমাল।