পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
অসমৰ বুৰঞ্জী

হাতত পৰিল। শেহান্তৰত, ঘাই-সেনাপতি ৰজা ৰামসিংহই আহোমৰ পৰাক্ৰম সহিব নোৱাৰি পলাব লগাত পৰে। এই ৰণ-জয়লৈ পলম ঘটিছিল মাথোন দৈৱজ্ঞৰ গণনাৰ ফেৰত। উলটি যাবৰ সময়ত অসমীয়া সৈন্যৰ নিপুণতা দেখি, আওৰেংজেৱ বাদচাহৰ সেনাপতি মীৰ্জা ৰাজা জয়সিংহৰ পুত্ৰ ৰজা ৰামসিংহে এই বুলি বখানিছিল,—“প্ৰত্যেক অসমীয়া সেনাই নাও বাব পাৰে, কাঁড় মাৰিব পাৰে, মাটি কাটিব পাৰে, বন্দুক মাৰিব পাৰে। এনেকুৱা সকলো কামত নিপুণ সেনা মই ভাৰতবৰ্ষৰ আন কোনো ঠাইত দেখা নাছিলোঁ।” ১৬৭০ খ্ৰীষ্টাব্দত শৰাই-ঘাটৰ ৰণত আহোমৰ জয় হোৱাত, মানাহ নৈলৈকে আহোম ৰাজ্য বহলাই, তাত চকী আৰু ঘাট পাতি, বঁটাস্বৰূপে লাচিত ঘোঁৰা-কোঁৱৰক বৰফুকন পাতি গুৱাহাটীত নিগাজীকৈ ৰখা হয়। অলপ দিনৰ পাচতে লাচিত বৰফুকনৰ অকাল- মৃত্যু হোৱাত, ককায়েক লালুক নিমাতী ফুকনক বৰফুকন পতা হয়।

চুন্যতফা, চুক্লফ।, চুহুং, গোবৰকোঁৱৰ আৰু চুজিন্ ফা

 স্বৰ্গদেৱ চক্ৰধ্বজসিংহৰ পাচত, তেওঁৰ ভায়েক চুন্যত্ ফা কোঁৱৰ, খ্ৰী: ১৬৪৯ চনত ৰজা হয়। তেওঁ শিঙৰিঘৰ উঠাৰ পাচত, হিন্দুমতে উদয়াদিত্য নাম লয়। (১) চু্ন্যত্ ফা স্বৰ্গদেৱে গুৱাহাটীত ৰামগড়, পানীগড়, উজনিত বৰাগী-আলি প্ৰভৃতি কৰাই কিছুমান কীৰ্ত্তিচিন্‌ ৰাখে। ডফলা-আক্ৰমণলৈ গৈ বিষমৰূপে ঘাটি অহাত সেনাপতিক ৰজাই বৰ লাজ দিয়ে; সেই আপাহতে স্বৰ্গদেৱৰ ভায়েক সৰু-গোহাঞিক লগাই, খ্ৰীঃ ১৬৭১ চনত, ডেবেৰা হাজৰিকাই ৰজাক বধ কৰালে; আৰু তেওঁৰ লোকান্তৰৰ পাচত, সেই ভায়েক সৰুগোহাঞি বা চুক্লন্ ফা কোঁৱৰক খ্ৰীঃ ১৬৭২ চনত ৰজা পতা হয়। হিন্দুমতে তেওঁক ৰামধ্বজ নামেৰেও জনা যায়।


মুছলমানক মোহাৰি পেলামগৈ!” এনেতে, এটা চৰীয়াই শুনি গৈ ৰজাত জনালে। স্বৰ্গদেৱ চক্ৰধ্বজে লাচিতক অনতিপলমে মতাই নি সুধিলে, “তই সঁচাকৈয়ে মুছলমানক জিনিব পাৰিবিনে?” লাচিতে এই বুলি ততালিকে সাহসেৰে প্ৰত্যুত্তৰ দিলে, “পাৰিম স্বৰ্গদেৱ-ঈশ্বৰ।” স্বৰ্গদেৱে সুধিলে, “কেনেকৈ পাৰিবি?” লাচিতে স্থিৰ, ধীৰ, গহীনভাৱে উত্তৰত এই বুলি নিবেদিলে, “ৰাজকীয় ৰণুৱাৰে সৈতে জিনিমগৈ স্বৰ্গদেৱ-ঈশ্বৰ!” ৰজাই লাচিতক মূৰৰ পৰা ভৰিলৈকে এবাৰ একান্ত মনেৰে চাই লৈ, কাঁড়-মৰা তৰোৱাল-ঘূৰোৱা, ঘোঁৰা-চলোৱা, হাতী-সৰকা এনে গোটাচেৰেক বিষয়ক বিদ্যাৰ পৰীক্ষা কৰি চালে। সেই পৰীক্ষাত লাচিতে এজনী তিৰোতাৰ কেৰু-পিন্ধা কাণৰ বিন্ধাই দি এপাত কাঁড় সৰকাই পঠিয়ায়; একেপাকতে এশটা খেলিমেলিকৈ পুতি দিয়া কলপুলি ছেই ছোৱা ছোৱা কৰে; চকৰত চেকুৰি থকা একুৰি ঘোঁৰা, ইটোৰপৰা জঁপিয়াই সিটোলৈ উঠি, চম্ভালি দেখুৱায়; হাতীৰ শুঁৰেদি আৰু নেগুৰেদি উঠি-নামি,তল-সৰকা দি বশ কৰি দেখুৱায়। ৰজাই দেখি, নিশ্চয় হৈ কৈ উঠিল, “ওঁ মোৰ মনে ধৰিছে; এই ডেকাই মুছলমানক জিনি মোৰ মান-মৰ্যাদা ৰক্ষা কৰিব পাৰিব। এওঁক মই আজিয়েই এজন সেনাপতি বিষয়াৰ বাব দিলোঁ।’’ সেই অনুসৰি, লাচিতক পোনেই “ঘোঁৰা-কোঁৱৰ" পতা হয়। তাৰ পাচত,তেওঁ নিজ বিদ্যা-বুদ্ধি ৰাজনীতিজ্ঞান আৰু বাহুবলৰ চিনাকি দি উধাই “বৰফুকন’’ বিষয়া হয়গৈ।

 (১) উদয়াদিত্য ৰজাৰেপৰা আহোম স্বৰ্গদেৱসকল পাত্ৰৰ অধীন হ’ল। শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ “তুংখুঙ্গীয়া বুৰঞ্জী” ৮ পৃষ্ঠা।