পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কেশৱ দাস।

আত্ম পৰিচয়।

শ্ৰীমন্ত শঙ্কৰ যিতো  নামেসে কায়স্থ তান
  পৰম পণ্ডিত গুণশীল।
নানা হ্ৰস্ব দীৰ্ঘ ছন্দে  ভাগৱত পদ বন্ধে,
  মহা যত্নে ৰচনা কৰিল॥
লোক নিস্তাৰণ হেতু  বান্ধিলন্ত ধৰ্ম্ম সেতু,
  যাৰ কাৰ্ত্তি গৈল বহু থান।
ব্ৰহ্মণ্য পৰম গুণে  তান সম আছৈ কোন,
  সন্ত জনে কৰৈ যাক মান॥
স্বধৰ্ম্মকো নেৰিলন্ত  ভকতিকো কৰিলন্ত,
  পাষণ্ডক আলাপন কৈল।
ৰাম কৃষ্ণ নাম স্মৰি  পঞ্চভূত দেহা এড়ি,
  বৈকুণ্ঠত গৈয়া থিত ভেল॥
মহিমা কহিবোঁ কত  যতো ধৰৈ তান মত,
  ঈশ্বৰক প্ৰয়াসে জানে।
জ্ঞানতো কম্মতো কবি ভকতি সে শ্ৰেষ্ঠ জানি,
  মহাজনে বহু আক মানে॥
চন্দ্ৰ দিবাকৰ মানে  যাৰ যশ থানে থানে,
  গাইবেক থাকয় পদ যাৱে।
অদ্যাপি প্ৰশংসে যাক  মহা মহা কবি তাক,
  হৃদিত পৰম প্ৰেমভাৱে॥
কি কহিবোঁ তান গুণ  মই মহা মূঢ় জন,
  তান পদে মোৰ হৌক ৰতি।
আমিয়ো কায়স্থ জন  হেন জানো গৰ্ব্বমন,
  একো কালে নুহিকোক মতি॥