পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৫৭
চণ্ডী

দেখে সহস্ৰেক কৰে  ব্যাপি আছে নিৰন্তৰে
  দিশ সব দেবী নাৰায়ণী।
যোগ বলে ভগৱতী  বিপৰীত ৰূপ ধৰি
  মহিষক দেখিলা গোসানী॥
দেখিয়া মহিষাসুৰে  যি কৰিলা আত পৰে
  সিতো কথা শুনা মহাৰাই।
স্বভাৱতে পুৰুষৰ  স্ত্ৰীত অভিলাষ বৰ
  যেন বহ্নি জলে ঘৃত পাই॥
গোসানীৰ দেখি অঙ্গ  মহিষৰ ভৈলা ৰঙ্গ
  হাসিয়া বোলয় শুনা ৰামা।
তোহোৰ বদন শোভে  তৰুণৰ মন লোভে
  নবীন বিহিন হিম ধামা॥
নব পুতলি তনু  ভ্ৰুৱ যুগ মদনৰ ধনু
  নাসা তোৰ তিল ফুল জিনি।
ছাৰিয়া মূৰুতি বেশ  কেনে যুদ্ধ অভিলাষ
  আপুনাক আবে অভাগিনী॥
অধৰ বন্দুলি যেন  প্ৰকাশয় বিতোপন
  পঙ্ক ডাৰিম্বৰ বীজ দন্ত।
নয়ন খঞ্জন নয়  দীৰ্ঘ আতি কেশ চয়
  দেখি চমৰিৰ দম্ভ অন্ত॥
মৃণাল বনিত ভুজে  নাৰীগণ মন ৰুজে
  কৰ অশোকৰ কিসলয়।
সুঠান আঙ্গুলী চয়  চম্পাৰ পাকৰি নয়
  দেখিতে সুন্দৰ মনোময়॥
কম্বুগ্ৰীবে শোভে হাৰ  বেঢ়ি আছে পওঁধৰ
  দেখি যুবা জনৰ বিপাক।
পিন দুই পওঁধৰ  আতিশয় ৰুচিকৰ
  উৰিতে উন্মুখ চক্ৰবাক॥