পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৫১
হিতোপদেশ।

দান মান কৰি  সৈন্যক সন্তোসি,
  আপুনে হৈব ভূষণ।
সেহি সময়ত  ৰাজায়ে বোলন্ত,
  মন্ত্ৰীৰ শুনি বচন॥
এতেক উপায়  কিসক লাগয়,
  শুনিয়োক মন্ত্ৰীগণ।
আপুন উদয়  পৰৰেসে গ্লানি,
  তিনি দুই আচৰয়॥
তাক দূৰ কৰি  কতো মন্ত্ৰীগণে,
  বাক্য কৰে প্ৰচাৰণ।
হেন বাক্য শুনি  সবে মন্ত্ৰীগণে,
  হাসিয়া বোলে বচন॥
কোনো প্ৰাণীগণ  উচ্ছৃঙ্খল সদা,
  কোনো শাস্ত্ৰ জ্ঞানী হয়।
তিমিৰ তেজৰ  একে কালে কৈত,
  দেখিয়া আছ নিচয়॥
দৈবজ্ঞ সকলে  লগ্নকাল দিয়া,
  ৰাজাক যাত্ৰা কৰাই।
ৰাজায়ো হিৰণ্য  গৰ্ভৰ থানক,
  তেখনে দূত পঠাই॥
হিৰণ্য গৰ্ভত  কহিলেক দূতে,
  শুনিয়ো ৰাজা সাম্প্ৰত।
চিত্ৰবৰ্ণ ৰাজা  সসৈন্যে আসিয়া,
  হুয়া আছে উপগত॥
মলয় পৰ্ব্বতে  আসি ৰহি আছে,
  সসৈন্যে সিতো জন্তাই।
দুৰ্গৰ শোধন  অপেক্ষক ৰাজা,
  কৰিতে তযু যুৱাই॥