পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৫০
অসমীয়া সাহিত্যৰ চানেকি।

দূৰ দেশ যাই  প্ৰজা দুখ পাই,
  শত্ৰুৱে কৰে পীড়ণ।
পুত্ৰৰ ভেদত—  পৰে মন্ত্ৰণাত,
  নাই শত্ৰু আগমন॥
যুবৰাজ পুত্ৰ  বৈৰৰ থাকয়,
  লৈবেক তাক সহাই।
তাৰ হাতে সেই  ৰাজাক মৰাই,
  ৰাজ্যৰ লোভ দেখাই॥
যদি পুত্ৰ নাই  মুক্ত মুক্তি ঠাই,
  মধ্যত কোপ জনাইব।
যদি স্থিৰবুদ্ধি  মন্ত্ৰীৰ সদাই,
  তথাপি ভেদ কৰাইব॥
ভৃত্য পুত্ৰ বলে  ভঙ্গক কৰাইব,
  শক্ৰক কৰিবে ঘাত।
জিনিলো বুলিয়া  কৰাই বিশ্বাস,
  মাৰিব তাক পাচত॥
মৃগয়াক যাই  আসক্তি কৰাই,
  শত্ৰুৰ বুজিব মন।
মৃগয়া সময়ে  শত্ৰুক মাৰিব
  নকৰি বৈৰক ক্ষয়॥
গৰুক যেমনে  বান্ধিয়া থৈবেক,
  মৰিব খাইব নপাই।
বান্ধ নেমেলিব  ক্ষমা নকৰিব,
  শৰীৰ যাইবে শুখাই॥
পৰৰ দেশক  আগ্ৰহি আনিয়া,
  ৰঞ্জিবে আপুন প্ৰজা।
বস্ত্ৰ অলঙ্কাৰ  সুগন্ধ চন্দনে,
  ভূষিত কৰিব ৰাজা॥