পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৪৩
হিতোপদেশ।

তাৰ গুণ গণ  বৰ্ণাইবাক প্ৰতি,
  মোহোৰ সামৰ্থ্য নাই।
যদি দৈবযোগে  সিতো দেশ পাৱা,
  আপুনি দেখিবা যাই॥
শুকৰ বচন  শুনি চিত্ৰবৰ্ণ,
  ইষ্ট লোক সব আনি।
মন্ত্ৰণা কৰিবে  লাগিল নৃপতি,
  বুলিলা সবাকে বাণা
বিগ্ৰহ কৰিতে  যেন উপদেশ,
  কহিয়োক ইষ্ট জন।
অবশ্যক পুনু  কৰিবোঁ বিগ্ৰহ,
  বুলিলোঁ নিষ্ট বচন॥
অসন্তোষ ভৈলে  বিপ্ৰ নষ্ট যাই,
  সন্তোষে নৃপতি চয়।
লাজ পৰিত্যাগে  কুলস্ত্ৰীৰ নাশ,
  লাজ নাশে বেশ্যা হয়॥
দীৰ্ঘদৰ্ব্বি নামে  বৃদ্ধ মন্ত্ৰী বোলে,
  শুনিয়ো সংগ্ৰাম বিধি।
অস্ত্ৰ নজনাক  সঙ্গে লৈয়া গৈলে,
  সংগ্ৰামত নাহি সিদ্ধি॥
মিত্ৰ ভৃত্য মন্ত্ৰী  আনন্দ হৃদয়ে,
  বুলিবে দৃঢ় বচন।
ভয় জন্মিবেক  শত্ৰুগণ মনে,
  বিসহ কৰি তেখন॥
তুমি চিত্ৰবৰ্ণ  বিগ্ৰহৰ ফল,
  যি কালে চিন্তিত হয়।
সেহিসে নিমিতে  বিগ্ৰহ কৰিবে,
  সবাৰো তেবে লাগয়॥