পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০১১
শঙ্কৰ চৰিত।

বক্ৰ দাৰু চয়  প্ৰকাশ কৰয়,
  ইন্দ নীল বাখৰৰ।
সুবৰ্ণৰ বলি  মহতি মাণ্ডলি,
  জৰিত কৰি ৰত্নৰ॥
সুবৰ্ণৰ চালি  পতা কৰি দিল,
  চিত্ৰ কৰি মণিময়।
তিনিয়ো ত্ৰৈলোক্য  উপমা দিবাক,
  যোগ্য আৰ নাহিকয়॥
সেহি মন্দিৰত  অনন্ত শয্যাত,
  বসিয়া থাকন্ত হৰি।
জগত জননী  লক্ষ্মীয়ে সেৱন্ত,
  চামৰক কৰে ধৰি॥
চাৰু চতুৰ্ভুজ  নীল মৰকত,
  জিনি শৰীৰৰ কান্তি।
নাসা তিল ফুল  অধৰ ৰাতুল,
  দশন মুকুতা পান্তি॥
পূৰ্ণ চন্দ্ৰ সম  বদন মণ্ডল,
  আয়ত দুই লোচন।
সুসম কপোল  তিলক শোভয়,
  দেখিবাক সুশোভন॥
ছত্ৰাকৃত শিৰ  ৰত্নৰ কিৰীটি,
  সূৰ্য্যে যেনে প্ৰকাশ।
বক্ৰ কেশ চয়  তাহাত শোভয়,
  দেখিতে ৰঙ্গ মিলয়॥
সুবৰ্ণৰ দুই  মকৰ কুণ্ডল,
  গণ্ডস্থল প্ৰকাশিয়।
নৱ দিবাকৰ  যেন মণিবৰ,
  কৌস্তুভ গলে শোভয়॥