পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৯৫
অনন্ত চৰিত।

তোমাৰ পুথাৱ ৰাজা  সি দেশৰ আনিচন্ত,
  নুহি তেন্তে আমাৰ ৰাজ্যৰ।
তাৰা বোলে থাকিবাক,  নেদে যদি বিদায়ক,
  যাওঁ তেবে দেশে আপোনৰ॥
হেনয় শুনিয়া পাছে,  বৰ বৰুৱাক প্ৰতি,
  সম্বুধি মাতিলা মহাৰাজে।
আৰো মেধি সমস্তক,  নিৰন্তৰে খেদাওক,
  সেহিতো ঠাকুৰ বাপু বাজে॥
পলায়া ফুৰন্তে মই,  দেখিয়া আছোহোঁ তাঙ্ক,
  সেহি গুটি হোৱয় ভকত।
থাকোক আপোন থানে,  নিবাক নলাগে তাঙ্ক,
  মই আবে দিলোহোঁ সন্মত॥
এহি মোৰ আজ্ঞা যেবে,  ভাঙ্গিবাক চাহে তেবে,
  কোনো জনে মোহোক মাতয়।
মোৰ আবে দাই নাই,  সত্যে সত্যে কৈলো মই,
  কাটিবোহো তাহাক নিশ্চয়॥
শুনি পাছে বৰুৱাই,  টেকেলা সবাক পাঞ্চি,
  সমস্তে সত্ৰকে ভাঙ্গিলেক।
কেবলে ঠাকুৰ আতা,  বেতিৰেক যত সাধু,
  আছে মানে সবে চলাইলেক॥
কেশৱ গোঁসাই আদি,  যতেক ব্ৰাহ্মণ সাধু,
  সত্ৰীয়াক সবাকে নিলেক।
যত আছে সত্ৰ মেধি,  সবাহাঙ্কে টেকেলায়ে,
  টোকোলাইত নিয়া পাতিলেক॥
কতো বৰ্ষ ভৈল যেবে,  গদাধৰসিংহ তেবে,
  তাঙ্ক কালে কৰিলেক হত।
ৰূদ্ৰসিংহ মহাৰাজা,  ধৰ্ম্মপথে পালি প্ৰজা,
  মহাজন আনিলা সমস্ত॥