পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯৩
অনন্ত চৰিত।

টেকেলা সকল,  নিবৰ্ত্তিয় গৈল,
  জগৰা সত্ৰে ভাগিল।
যৈতে যৈতে গৈয়া,  পলাই আছিলা,
  ভকত সত্ৰে আসিল॥
আতাৰ তনয়,  সকলো আসিলা,
  সবে পলোতক মুখে।
পুনৰপি সবে,  সত্ৰতে বঞ্চিলা,
  কতো দুখে কতো সুখে॥
ৰাজাৰ বচনে,  হুই আছে নাম,
  লৈবেক সত্ৰে নপাই।
ৰান্ধনি গৃহত,  বিশ্বাস কৰিয়া,
  ভকতে নামক গাই॥
একদিনা বসি,  ভোজন বিহাৰ,
  গীত গাৱে ভক্তগণ।
আতা পুৰুষৰ,  শুনি প্ৰেমভৰে,
  শৰীৰ ভৈল মগন॥
প্ৰেম আনন্দত,  মহা পুৰুষক,
  দেখিলন্ত আসনতে।
পাইলো পাইলো বুলি  চাব দিয়া তুলি,
  আনিয়া লৈলা শিৰতে॥
মহাপুৰুষৰ,   আসন পাতিছা,
  দশম পুস্তক থাপি।
তাকে আঙ্কোৱালি,  মাথাত ধৰিয়া,
  নৃত্য কৰা ভক্ত ব্যাপি॥
দুই হাত তুলি,  নৃত্য কৰা কতো,
  মাটিত পৰি বাগৰে।
তথাপিতো পুথি,  পেৰায়ে সহিতি,
  শিৰৰ পৰা নপৰে॥