পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১২১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৪০
অসমীয়া সাহিত্যৰ চানেকি।

দেবৰ ঘটন  নাহিকে খণ্ডন,
  যাৰ যিবা হৈব গতি।
ঘোৰ বায়ু আৰ  উঠিয়া তথাতে,
  ভাগিল নৌকা সম্প্ৰতি॥
সৰ্ব্বসে সহিতে  সিতো সদাগৰ,
  সাগৰে গৈলন্ত তল।
একেশ্বৰে মাত্ৰ  কুমৰে ভাসিয়া,
  ফুৰয় জলে কেৱল॥
কতো উঠে বুৰে  কাউ বাউ কৰে,
  অগাধ জল মাজত।
পূৰ্ব্ব কৰ্ম্ম সবে  এক খানি পাট,
  পাইলন্ত তথা হাতত॥
তাহাতে ধৰিয়া  কতো দিন গৈয়া,
  তিৰত উঠিলা যাই।
ত্ৰিপুৰ নগৰ  নাম জানা তাৰ,
  যেন অম্ৰাৱতী প্ৰাই॥
পাছে তৈতে বসি  মনে বিমৰষি,
  ক্ষণিক আছিলা বীৰে।
সাত দিন তাৰ  নাহিকে আহাৰ,
  কম্পয় সবে শৰীৰ॥
মুখে নোলাই মাত  কম্পয় ভৰি হাত,
  তথাপিতো ধৈৰ্য্য ধৰি।
উঠি লাসে লাসে  কৰিলা পয়ান,
  হিয়াতে কৃষ্ণক স্মৰি॥


পদ

এহি মতে একেশ্বৰে যান্ত বনে বন।
যিবা ফল মূল পাৱে কৰিয়া ভোজন॥