পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২৬
অসমীয়া সাহিত্যৰ চানেকি।

এহি বুলি যক্ষে পাছে ব্ৰাহ্মণক চাই।
মোহোৰ বচন তই নেৰিবি সদাই॥
ভদ্ৰতনু বোলে কেনে বুলিলা ইহাক।
মৰিলেয়ো নেৰিবোহো তোমাৰ আজ্ঞাক॥
শুনিয়া যক্ষৰ বৰ আনন্দিত মন।
পুনুৰপি ব্ৰাহ্মণক বুলিলা বচন॥
এহি থানে আসি কালি বৃষভ দেখিবি।
মোৰ আজ্ঞা কৰ যদি তাহাতে উঠিবি॥
কদাচিতো নানামিবি তাহাৰ উপৰ।
কাহাতে নকবি ইতো ইসব কথন॥
এহি বোলা বুলি কৰি ৰহিলা সিদিন।
প্ৰভাততে উঠি গৈলা ব্ৰাহ্মণ নিজ স্থানে।
বৃষ ৰূপে বহি আছে যক্ষেয়ে আপোনে॥
দেখে বৃষভ এক আছে পৰম সুন্দৰ।
লাফ দিয়া উঠিলেক তাহাৰ উপৰ॥
ব্ৰাহ্মণক লৈয়া যক্ষে দিলেক লৱৰ।
দণ্ডেক ভিতৰে পাইলা পাৰ প্ৰয়াগৰ।
গহিন জলক চাই দিলা জাম্প মাৰি।
তনু ত্যাগ ভৈলা দুইৰো প্ৰয়াগত পৰি॥
অক্ষয় স্বৰ্গৰ হন্তে বিমান আসিলা।
দিব্য ৰূপ ধৰি দুই তাহাতে উঠিল॥
ততকালে গৈয়া স্বৰ্গপুৰে প্ৰবেশিলা।
নানা ভোগ ভুঞ্জি দুই তাহাতে ৰহিলা॥
শুনা ধনঞ্জয় বাপু প্ৰয়াগৰ ফল।
পৰ্শ মাত্ৰে ভস্ম কৰে পাতক সকল॥
দেখা যক্ষে শৰীৰকো কৰিলা উদ্ধাৰ।
ব্ৰাহ্মণ আছিল দেখা সেৱক যক্ষৰ॥
ইসবো তৰিয়া আছে প্ৰভাৱে তীৰ্থৰ।
কোন ক্ষুদ্ৰ ইটো আৰু পাতেক তোমাৰ।
বিশেষত ভাৰ তুমি হৰিলা ভূমিৰ॥