পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৪
অসমীয়া সাহিত্যৰ চানেকি।

ভাল ভাল চাই বিখ এখনে আনিবু।
ইয়াক খুআই জয় কৰনে পঠাইবু৷
দুনাই বিখ খুআইলেক বিখ নালাগিল।
খাণ্ডা আনি কাটিলেক খাণ্ডাও ভাগিল।
জলত পেলাইলা তাতো নগৈলেক তল।
মাৰিবে নপাৰি ৰাজা ভৈলেক বিকল॥
উৰ্দ্ধে জত জোজন পৰ্ব্বত গোট আছে।
ভৈতে নিয়া প্ৰহ্ৰাদক তুলিলেক পাচে।
তৈৰ পৰা পেলাইলেক ৰাজাৰ আদেশে৷
প্ৰহ্ৰাদে বুলন্ত ৰক্ষা কৰা ৰিখিকেসে।
ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত দেৱ ৰিখিগন৷
ইবেলি সে প্ৰহ্ৰাদৰ নাহিকে ৰক্ষন।
তৈৰো পৰা পৰি সতোি জিব কেন কোৰি।
প্ৰহ্ৰাদে বোলন্ত মোক ৰক্ষা কৰ হৰি৷
তৈৰো পৰা প্ৰহ্ৰাদক পেলাইলা তেখনে৷
আলগতে ঝাম্প দি ধোৰিলা নাৰায়নে।
অলখিত ভাৱে নিয়া থৈলন্ত ভুমিত।
ৰাজা বুলে পুত্ৰ মৰি ভৈল চুৰ্ণাকৃত।
আথে বেথে ৰঙ্গে ৰাজা চাহিলন্ত পাচে।
দেখে হৰি সুমৰি প্ৰহ্ৰাদ বসি আছে।
মাতে হিৰন্যও জে মন্ত্ৰিৰ মুখ চাই।
একোএ প্ৰকাৰে আক মাৰন নজাই।
এবেসে জানিলো মোৰ মিলিলেক মৃত্যু।
মোহোৰ বংখত উপজিল ধুমকেতু।
মন্ত্ৰি বুলে ৰাজ মঞি জানু বুধিখানি
কাঠ আনি এতিক্ষনে জালিও অগনি।
তাতে পৰি তজু পুত্ৰ নমৰৱ জেবে৷
আক মাৰিবাক ৰাজা বুধি নাকি তেবে।
ৰাজা বুলে জেন জুৱাই কৰিও আপুনি।
জালিও অগনি তুমি কাঠ খৰি আনি৷