পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৪১ ]

রুজ্‌, মস্‌জ্‌ প্ৰভৃতি কেতবিলাক ধাতুৰ পাছত হোবা ক্ত প্ৰত্যয়ৰ ত ন হয়৷ যথা; জৄ+ক্ত জীৰ্ণ, বি-দৄ বিদীৰ্ণ, উৎ-তৄ উত্তীৰ্ণ, বি-স্তৄ বিস্তীৰ্ণ, ম্লা ম্লান, ত্ৰা ত্ৰাণ, দী দীন, উৎ-ডী উড্ডীন, ক্ষী ক্ষীণ ইত্যাদি।

 ক্ত প্ৰত্যয় পাছত থাকিলে স্থা, মা প্ৰভৃতি কেতবিলাক ধাতুৰ আ ই হয়৷ আরু ধা ধাতুৰ ধা হি হয়৷ যথা স্থা স্থিত, পৰি-মা পৰিমিত, ধা হিত ইত্যাদি।

 ধ, ভ, হ অস্তে থকা ধাতুৰ পদ এনেকুৱা হয়৷ যেনে; ক্ৰুধ্‌, ক্ৰুদ্ধ, শুধ্‌ শুদ্ধ, লভ্‌ লব্ধ, ক্ষুভ্ ক্ষুব্ধ, দুহ দুগ্ধ, মুহ মুগ্ধ ইত্যাদি। *

 ক্ত প্ৰত্যয় কৰি তলত লিখা পদ বিলাকো সিদ্ধ হইছে।

ধাতু সিদ্ধপদ 
গ্ৰহ গৃহীত 
আ-হ্বা আহূত 
বচ্‌ উক্ত 
বদ্‌ উদিত 
গা গীত 
 ধাতু, সিন্ধপদ
 পা পীত
 হা হীণ
 পচ্‌ পক্ক
 শুষ্‌ শুষ্ক

* মূহ মূঢ়, গুহ্‌ গূঢ়, বহ বাঢ়, এই বিলাক পদও হয়৷