পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
প্ৰাকৃত-ভূগোল।

  ওপৰত আমালোকে পৃথিবী সম্পূৰ্ণ সমুদ্ৰৰে বেঢ়া আছে বুলি ধৰিছিলোঁ। কিন্তু যথাৰ্থত তেনে নহয়; ঘৰং আটলান্টিক সমুদ্ৰৰ পৰা স্থিৰ সমুদ্ৰলৈ বেলা বাগৰিব নোৱাৰাকৈ নতুন পৃথ্বী নামে দুই মহাদ্বীপ পুঞ্জ থাকি সমুদ্ৰক গড় স্বরূপে ভেটি আছে। কেৱল দক্ষিণতহে মুকলি বিস্তীৰ্ণ সমুদ্ৰ এখণ্ডই, পূৰ্ব-পশ্চিমাকৈ গোটেই পৃথিবী বেঢ়ি আছে। তাতেই ওপৰত কৈ অহা বেলাৰ সম্পূৰ্ণ প্ৰকৃতি পোৱা যায়। সেইয়েহে বেলাৰ প্ৰধান উৎপত্তি স্থান। তাৰ পৰাই আটলান্টিক সমুদ্ৰ, ভাৰত সমুদ্ৰ আরু স্থিৰ সমুদ্ৰলৈ ঢৌ খেলায়, যেনেকৈ পুখুৰি এটালৈ দলি মাৰিলে চাৰিও দাতিলৈ ঢৌ বিলাক যায়, সেই দৰে সমুদ্ৰৰ বেলা উজাই আহে।

  যদিও বেলা যথাৰ্থতে এটা বৰ ডাঙ্গৰ ঢৌ তথাপি তাক মানুহে ঢৌ বুলি জানিব নোৱাৰে। কাৰণ সি ইমান ডাঙ্গৰ যে পৃথিবীৰ আধাভাগ যুৰি যায় আৰু মানুহে পৃথিৰীৰ কুজ যেনেকৈ আকলিব নোৱাৰে সেই দৰে বেলাৰ ঢৌ-আকৃতিকো দেখিব নোৱাৰে; মাত্ৰ তাৰ শিৰোভাগ আহি যেতিয়া মাটি বা শিলৰ ওচৰ পায় তেতিয়া তাৰে সৈতে তুলনা কৰি পানী ওখ হোৱা জানিব পাৰে আরু চাপৰ ভাগ ওচৰ পালেহি আগৰ চিনতকৈ পানী কেবা হাতত বহি যোৱা দেখে। ওচৰত পাৰ, মাটি বা শিল নাথাকিলে, সমুদ্ৰৰ মাজত এই ফেৰা গমকো মানুহে নাপায়; বেলা উজাই আহি যেতিয়া তাৰ শিৰোভাগ কোনো নৈৰ মুখ পায় নৈৰ ভিতৰতকৈ তাত পানী ও হোত নৈয়েদি, উজাই পানীৰ সোঁত হয় আরু তাৰ লগে-লগে নৈৰ জল-সীমাও ক্ৰমে ওখ হৈ যায়। পুনৰ যেতিয়া বেলাৰ চাপৰ ভাগ আহে মোহনাৰ জল সীমা বহি যায় আৰু নৈৰ ভিতৰৰ পৰা ভটীয়নি পানী দ্বিগুণ বেগেৰে বাহিৰলৈ বয়। কেতিয়াবা, এই দৰে পানী বেগেৰে ভটীয়াই বৈ থাকোতে হঠাৎ দক্ষিণৰ পৰা আন- এটা জোৱাৰ উপস্থিত হৈ মোহনাৰ পানী ক্ষণতেকর ভিতৰতে কেবা