পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৬
প্ৰাকৃত-ভূগোল।

গঠিত আধাৰৰ ওপৰত ভৰদি বৈ যায়। “সমুদ্ৰৰ তলী অনেক ঠাইত লেজু পেলাই জোখা হৈছে; কিন্তু কোনো কোনো ভাগ অতলস্পৰ্শ। পাঁচ হেজাৰ হাত দীঘলজৰিৰেও ঢুকি পোৱা নাই ইয়াৰ পৰা ভাবিব নালাগে যে সমুদ্ৰৰ তলী নাই বা থাউনি পাব পৰাকৈ দীঘল জৰি যোৰা দিব নোৱাৰি। আটলান্টিক সমুদ্ৰ এঠাইত ২০০০০ হাতত- কৈও দ। তাত হিমালয় পৰ্ব্বতৰ অতি ওখ একোটা শিখৰ ডুবি থকা হলেও শিখৰৰ আগৰ ওপৰত তেও ৬০০ হাতৰ পৰা ১২০০ হাত- লৈকে পানী থাকিল হেতেন। দক্ষিণ সমুদ্ৰৰ কোনো কোনো ভাগ ইয়াতকৈও দ। বঙ্গোপসাগৰৰ তলী খন দক্ষিণাত্য আরু বঙ্গ- দেশৰ পৰা পূব আরু দক্ষিণলৈ ক্ৰমে চাপৰ হৈ উপসাগৰৰ মাজ ঠাইৰ পৰা পূবলৈ ৫০ মাইল মান অন্তৰত এটাইতকৈ দ হৈছে। তাত ৫০০০ হেজাৰ মান ফুট দ হব। কিন্তু তাৰ তলীতে হুগলী মুখৰে আরু মেগ্না মুখৰে মাজত এঠাইত “চোয়াচ্‌” নামে এটা বৰ দ হোলা আছে; সেই ঠাই কাৰো মতে ৮০০০ হাততকৈ বেচি দ হব। ” সমুদ্ৰৰ তলী সমুদ্ৰ তটৰ ভূমিৰে একে আৰ্হি; এই নিমিত্তে যত পাৰ, ক্ৰমে হেলনীয়া তত সাগৰ তলীও ক্ৰমে দ হৈ গৈছে; যত পাৰ থিয় গড়াৰ নিচিনা তাৰ ওচৰৰ সমুদ্ৰ তলীও ঠাইতে দ।

  সমুদ্ৰৰ পানী মাজত ঘোৰ নীলা আরু এনে ফট্‌ফ‌টিয়া যে কাঁহি এখন পৰিলে বহুত হাতৰ দ লকে দেখিবলৈ পোৱা যায়। কিন্তু কাসৰৰ পানী প্ৰায় ঈষৎ সৌজীয়া; কাৰণ তাত নদী বিলাকৰ ঘোলা পানী সাগৰৰ পানীৰে সৈতে মিল হৈ থাকে। সমুদ্ৰৰ পানী নীলা হোৱাৰ কাৰণ শুধিলে, মাত্ৰ ইয়াকে কব পাৰি যে স্বচ্চ পৰিষ্কাৰ পানীৰ স্বাভাবিক বৰণেই ঈষৎ নীল; বৰ দ পানীত নীল বৰণ ওলায়; অলপ পানীত হলে তাক নেদেখি যেনেকৈ বৰণ নথকা আৰ্চি এডোখৰ দীঘে দীঘে তাৰ ভিতৰেদি চালে কোনো এটা ৰঙ দেখি অথচ পথালিকৈ ওপৰেদি চালে বৰণ নথকা যেন অনুমান হয়।