পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
প্ৰাকৃত-ভূগোল।

পৃথিবী ঘুৰা হেতু চন্দ্ৰ সূৰ্য্যাদিক প্ৰথমে পূবত দেখা যায়; ক্ৰমে আহি পশ্চিমৰ ফালে নেদেখা হয়। সৰ্ব্ব প্ৰথমে সূৰ্য্যক পূবত দেখিলে তেওঁৰ উদয় আরু পশ্চিমত নেদেখা হলে অন্ত হয়। যি পোনে সূৰ্য্যক এবাৰ দেখা হৈছিল সেই পোন পৃথিবী ঘুৰি আকৌ পালেহি এক অহোৰাত্ৰ সম্পূৰ্ণ হয়।

  সকলো কালত আৰু সকলো স্থানত দিন ৰাতি সমান নহয়, আমলোকৰ দেশত জহ কালি দিন দীঘল ৰাতি ছুটি, জাৰ কালি ৰাতি দীঘল দিন ছুটি। 'আন সকলো দিনতকৈ ২১ জুনত দিন আৰু ২১ ডিচেম্বৰত ৰাতি দীঘল কিন্তু ২১ মাৰ্চ আরু ২১ চেপ্টেম্বৰত দিন ৰাতি সমান। কিন্তু নিৰক্ষ বৃত্তত দিনৰাতি, চিৰকাল সমান ইয়াৰ কাৰণ আছে। কোনো ত্ৰিভুজ, বাহু ভূমিতকৈ অনেক গুণে দীঘল হলে বাহুদ্বয় প্ৰায় সমান্তৰাল হয়। সূৰ্য্যৰ যি বিলাক কিৰণ পৃথিবীৰ ওপৰলৈ আহে সেই বিলাক ত্ৰিভুজৰ মুৰৰ পৰা অহা বাহুৰ নিচিনা আরু পৃথিবী ভূমি স্বরূপ। পৃথিবীৰ ব্যাসতকৈ সূৰ্য্যৰ দূৰ অনন্ত গুণে দীঘল হোৱাৰ নিমিত্তে কিৰণ বিলাকক সমান্তৰাল বুলিব পাৰি। সেই কাৰণে সূৰ্য্যৰ কিৰণত পৃথিবীৰ সমানে এফাল মাত্ৰ পোহৰ হয়, বাকি গোলাৰ্দ্ধ আন্ধাৰত থাকে। পোহৰ ভাগ আৰু আন্ধাৰ ভাগৰ মাজত যি সীমা-ৰেখা হয় সেই সীমা-ৰেখা এক গৰিষ্ঠ বৃত্ত আরু সদাই কিৰণ পূঞ্জর প্ৰতি লম্বভাৱে থাকে। কিন্তু পৃথিবীৰ মেরুদণ্ড ২১ চেপ্টেম্বৰ আরু ২১ মাৰ্চ তাৰিখৰ বাহিৰে কেতিয়াও কিৰণ- পূঞ্জৰ প্ৰতি লম্ব নহয়; তাৰ প্ৰমাণ ৪ৰ্থ আৰু ৫ম প্ৰতিকৃতিৰ পৰা পোৱা যাব। সেই হেতু পোহৰ আৰু আন্ধাৰৰ সীমা-ৰেখা কেৱল ২১ চেপ্টেম্বৰ আৰু ২১ মাৰ্চ তাৰিখত মেরুৰ ওপৰে যায়; আন সময়ত মেৰু দুটি সেই সীমাৰেখাৰ অলপ নহয় অলপ ইফালে বা সিফালে পৰে। ২১ ডিচেম্বৰ আৰু ২১ জুনত মেরু দুটি সেই ৰেখাৰ পৰা আন দিনতকৈ বেচি দূৰ হয়।