পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৭
দেশভেদে প্ৰাণীৰ ভেদ।

এই দৰে ইচ্ছা মতে মানুহে নিজে বিস্তৃত হব পাৰে, তথাপি সকলো মানুহ গুৰিতে একে আই বোপাইৰ পৰা উৎপন্ন হক বা ঠাইয়ে ঠাইয়ে বিলগ আই বোপাইৰ পৰাই হক, মানুহৰে দেশ চাই অবয়ঁবৰ আরু বুদ্ধিৰ অনেক বিভিন্নতা আছে; ব্লুমেনবেক চাহাবে মুৰৰ আকৃতি চাই মানুহক পাঁচ বৰ্গৰে বিভক্ত কৰিছে। এই বৰ্ণ-বিভাগত মানুহৰ ভাষা মিল অমিলৰ প্ৰতিও দৃষ্টি ৰখা হয়। কাকশ্যস্‌ বৰ্ণ, মৌগল বৰ্ণ, আফৰিক বৰ্ণ, মালয়ীন বৰ্ণ আরু আমে- ৰিক বৰ্ণ।

  ১। কাকশ্যস বৰ্ণ। এই বৰ্ণৰ মানুহৰ মুৰ অণ্ডাকাৰ অতি সুন্দৰ; ইহতৰ কপাল বহল, গালৰ হাৰ সোমোৱা টিকা উঠা নহয়। নাক জোঙ্গা আরু উঠা, আগ দাঁত লম্বভাবে থকা, মুখ সরু, ওঁঠ বৰ ডাঠ নহয়। চুলি দীঘল, পোন, দাঁড়ি গোফ প্ৰচুৰ। ইহঁতৰ বৰণ বগা, মিঠা বৰণীয়া, তেজ-গোৰা, ঘোৰ কঁলা অৰ্থাৎ সকলো বৰণৰ মানুহ এই বৰ্ণত আছে। ইহঁতৰ চুলি আরু চকুৰ বৰণো কেবা প্ৰকাৰৰ। বৰণৰ এই বিভিন্ন সূৰ্য্যৰ তাপৰ বিভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰে যেন বোধে ধৰে। কাৰণ দেখা গৈছে যে ল'ৰাতে মানুহ যিমান বগা থাকে বা ঘৰৰ ভিতৰত সৰহ সময় থাকিবলৈ পোৱা মানুহ যিমান বগা, ডাঙ্গৰ হলে বা বাহিৰত ফুৰা মানুহ সিমান বগা নহয়। উত্তৰত থকা ইংলণ্ড বা রুশিয়াবাসী মানুহ বিলাক এটাইতকৈ বগা। ফ্ৰাঞ্চ, স্পেন, পৰ্টুগেল, ইটালী আরু গ্ৰীচ-বাসী বিলাক কিছু মহ-ৰজীয়া পৰা, মুৰ বিলাক মিঠা বৰণীয়া আরু আফ্ৰিকা আরু আৰব দেশৰ কাকশ্যস বৰ্ণৰ মানুহ বিলাক ঘোৰ ক'লা। ফিন্‌লেণ্ড আৰু লেপলেওক এৰি সমুদায় ইউৰোপৰ মানুহ, পশ্চিম আশিয়াৰ মানুহ অৰ্থাৎ পূবে ওবি নদী, বেলুৰটেগ পৰ্ব্বত, হিমালয় পৰ্ব্বত, নগা পৰ্ব্বত, মান দেশৰ সীমালকে আশিয়াৰ এই খণ্ডত থকা মানুহ বিলাক, আরু ইজিপ্ত প্ৰভৃতি ভুমধ্যস্থ