পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৩
দেশভেদে উদ্ভিজ ভেদ।

ষ্টেটস্‌, অষ্ট্ৰেলীয়া, চিলি, লাপ্লাটা প্ৰভৃতি দেশত উৎপন্ন হয়। গ্ৰীষ্ম- মণ্ডলৰ দ ঠাই বিলাকত ই উৎপন্ন নহয়; পৰ্ব্বতীয়া ঠাইত হলে পোৱা যায়। বুট আমেৰিকাৰ প্ৰধান শস্য; গ্ৰীষ্ম আরু সম-মণ্ডল উভয়তে ইয়াৰ খেতি হয়। ৰাই সৰিয়হ জৰ্ম্মনী নৰওৱে সুইডেন, ফিন্‌লেণ্ড রুশিয়া প্ৰভৃতি দেশ বিলাকত মানুহৰ প্ৰধান আহাৰ।

যি বিলাক আলু
আহৰীয়।
  এই শ্ৰেণীৰ ভিতৰত আলুগুটিয়েই প্ৰধান। দক্ষিণ আমেৰিকাতেই প্ৰথমে ইয়াক পোৱা হয়। কিন্তু এতিয়া সকলে দেশতে মেরু-বৃত্ত পয্যন্ত আলু গুটি অৰ্জা হয়। ভাৰতীয় দ্বীপ শ্ৰেণী ওয়েষ্ট-ইণ্ডিজ আরু ব্ৰেজীল প্ৰভৃতি দেশত এবিধ বনৰ আলুৰ পৰা রূটী তৈয়াৰ কৰি খায়। তাৰ নাম কাচাডা। কাচা- ডাই এই দেশ বিলাকৰ প্ৰধান আহাৰ। ‘এৰারুট’ বা তৰা আলু ভাৰত- বৰ্ষ, দক্ষিণ আমেৰিকা, ওয়েষ্ট ইণ্ডিজ প্ৰভৃতি দেশ বিলাকত হয়।

আহাৰীয় ফল   কল গছ এবিধ ডাঙ্গৰ বন তাৰ ফল ইমান পুষ্টি কাৰক যে “যিমান ঠাইৰ ঘেহুঁএ দুটা মানুহক পুষ্টি কৰিব পাৰে সিমান ঠাইৰ কলগছে ৫০ মানুহক যুৰিব”। ইয়াক প্ৰধানকৈ গ্ৰীষ্ম-মণ্ডলত পোৱা যায়। ভাৰতীয় দ্বীপ বিলাকত, দক্ষিণ স্থিৰ-সমুদ্ৰৰ দ্বীপ বিলাকত, আরু দক্ষিণ আমেৰিকাত এবিধ গছ আছে, তাৰ ফল দেখিবলৈ কঠালৰ নিচিনা; তাৰ গুটিৰ পৰা মানুহে রুটী কৰি খায়। তাৰ নাম গছ-পিঠা। য'ত য'ত গছ-পিঠা জন্মে ত'ত সিয়েই প্ৰধান আহাৰ। ৮। ৯ মাহৰ নিমিত্তে এই গছ লাগি থাকে। শুনা আছে যে ইয়াৰ তিনি জোপা গছে এটা মানুহক বছেৰেকলৈ ভালকৈ যোৰে। উত্তৰ আফ্ৰিকা, ইজিপ্ত, আরু আৰব দেশৰ পৰা হিন্দুস্থানলকে এই বিলাক ঠাইত খাজুৰি গছ উৎপন্ন হয়। নাৰিকল গছ প্ৰধানকৈ ভাৰতবৰ্ষ, লঙ্কাদ্বীপ, সুমীত্ৰা, জাৱা, আরু স্থিৰ সমুদ্ৰৰ আন আন দ্বীপ বিলাকত বৃদ্ধি হৈ সেই ঠাই বিলাকক অতি মনোহৰ কৰি থৈছে। ইয়াৰ একোটো পেলনি নাযায়।