পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
প্ৰাকৃত-ভূগোল।

বুলি, ৰাতি আরু জাৰ কালি বৰ জাৰ হয় বুলি, সি প্ৰায় সম্পূৰ্ণে টকলা; কেবল যঁত যঁত সরু নৈ, হ্ৰদ বা উৎস ওলায় তাত উদ্ভিজ বহু পৰিমাণে হয়। কিন্তু উদ্ভিদ্‌ শক্তিৰ কি ক্ষমতা যে কোনো এক ৰকম নহয় কোনো এক ৰকমৰ উদ্ভিজ্‌ প্ৰায় সকলো ঠাইতে পোৱা যায়। গ্ৰীষ্ম-মণ্ডলৰ প্ৰখৰ সূৰ্য্যৰ তাপত হক, কি মেরুৰ তলৰ অতি চেঁচা প্ৰদেশ বিলাকতেই হক, ৰসাল কোমল মাটিৰ ওপৰতেই বা টান কটুৰ শিলৰ ওপৰতেই বা চিৰ-নিহাৰ- বাহৰ ওপৰত হক, কি উষ্ণ উৎসৰ উতলা পানীৰ গুৰিতেই হক, পৰ্ব্বতৰ শিখৰৰ ওপৰতেই বা অন্ধকাৰ সূৰ্য্যৰ ৰশ্মি কোনো কালে প্ৰবেশ নকৰা গুহাৰ ভিতৰতেই বা বিল, সৰোবৰ, সমুদ্ৰৰ ওপৰতো, আরু পানীৰ তলতো,সকলো ঠাইতে, কাঠনি হাবি স্বরূপে বা শেলাই রূপে, বা ঘাঁহ, শস্য, তৃণ রূপে উদ্ভিদ শক্তিৰ পৰিচয় পোৱা যায়।

  পৃথিবীৰ গাত লাগি থকা বায়ু তপত, তাৰ ওপৰত থকা বায়ু ক্ৰমে ওপৰলৈ চেঁচা আরু নিৰক্ষ-বৃত্তৰ পৰা উত্তৰে কি দক্ষিণে যি দৰে চেঁচাৰ ক্ৰমে বৃদ্ধি হয়, ওপৰৰ পিনেও সেই দৰে চেঁচা বাঢ়ি যায়; স্থান বিশেষে চেঁচা তপতৰ যেনে পৃথক উদ্ভিজৰো সেইদৰে পৃথক আরু নিৰক্ষ বৃত্তৰ পৰা দক্ষিণে কি উত্তৰে তৃণ, তরুৰ যেনে পৃথক্ এক-পৰ্ব্বতৰ গাতে গুৰিৰ পৰা ওপৰলৈ গজা তৃন,তরুৰো তেনে পৃথক। কেনেৰি দ্বীপৰ টেনেৰিফ পৰ্ব্বতত নিচেই নামত লতা- পনিয়ল আদি, তাতকৈ ওপৰত ডালচেনিৰ লগৰ গছ, তাতোকৈ ওপৰত দেৱ-দারুৰ লগৰ গছ, তাৰ ওপৰত বেতা নামেৰে এবিধ সরু গছ আরু এটাইতকৈ ওপৰত গছ নাই; কেবল বন দেখিবলৈ পোৱা যায়। এই পৰ্ব্বত ১২, ২০০ ফুট ওখ। তাতোকৈ ওখ পৰ্ব্বত হোৱা হলে বনৰ ওপৰত লাইকেন নামেৰে এবিধ শেলাই আরু তাতকৈ ওখত চিৰ-নিহাৰ-বাহৰ ওপৰত গজা ৰঙ্গা অলজি শেলাই দেখা গল হেতেন।