পৃষ্ঠা:অদৃষ্ট.pdf/৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

   হৰহঁতে বিড়ি কিনি থাকোঁতেই দোকানৰ আগে দি মানুহ এটা যোৱা দেখি দোকানীয়ে মাতিলে,—“এই বুধু, এই ফালে আহ।”
   বুধু সোমাই আহিল। তাৰ গঢ়টো দেখিলে উৰিয়া যেন লাগে। দোকানীয়ে সুধিলে,-“কলৈ যাৱ?”
   বুধু৷ — গৰুকেইটা অহা নাই, তাকে বিচাৰিবলৈ।
   দোকানী।— আজি-কালি ঘৈণীয়েৰ পলায় নে নপলায়?
   বুধু৷ — সেই দিনাৰ পৰা পলোৱা নাই৷
   দোকানী।— তই তেন্তে মৰি বৰ ডাঙৰ কামকে কৰিলি।
   বুধু৷— নমৰা হ’লে তাইক ক’ত ঘৰ লোৱাব পাৰোঁ!
   দোকানী। তোৰ বুধিটো মই নশলাগি নোৱাৰিলোঁ। বাৰু যা।
   বুধু গ’ল। দোকানত থকা মানুহ কেইজনে কথাৰ একো মোৰ ধৰিব নোৱাৰিলে; তেওঁলোকৰ কৌতুহল জন্মিল। এজনে দোকানীক সুধিলে-“এইখন কি দোৱান দিলা, আমি দেখোন ততকে ধৰিব নোৱাৰিলোঁ। কথাটো কি?”
   দোকানীয়ে হাঁহি হাঁহি ক’লে,—"ই এটা মজাৰ ঘটনা। এই যে বুধু বোলা মানুহটো, তাৰ বাপেক আছিল বাগিচাৰ কুলি। ই সৰু থাকোঁতেই মাক-বাপেক বাগিচাৰ পৰা ওলাই আহে। এদিন ইয়াৰে মৌজাদাৰে পাই সিহঁতক লৈ গল আৰু, তেওঁৰ বাঁৰী এখনতে ঘৰ এটা সজাই থাকিবলৈ দিলে। সিহঁত তাতে থাকে মৌজাদাৰৰ খেতি-পথাৰ আৰু আন কাম-বন