পৃষ্ঠা:অদৃষ্ট.pdf/৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পঞ্চদশ অধ্যায়।


সন্দেহ৷


   সুভদ্ৰাক কোৱামতেই পিচ দিনা বলো সোনকালে খাই-বৈ ওলাল। মটৰ ধৰিবলৈ ঘৰৰ পৰা দুমাইল খোজ কাঢ়ি যাব লাগে। কেনেবাকৈ মটৰ নাপাব পাৰে বুলি তেওঁ সময়তকৈ আগতে গৈ বাটত খাপ লৈ থাকিল। এঘণ্টামান অপেক্ষা কৰাৰ পাচত মটৰ আহিল, কিন্তু তাত ঠাই নাই। তথাপি যেনে তেনে তাতে উঠিল৷ বহিবলৈ ঠাই নথকাত তেওঁ গোটেই বাটটো থিয়তে থাকিব লগা হ’ল।
   গধূলিৰ কিছু আগতে তেওঁ তেজপুৰ পালে আৰু ক’তো ন’ৰৈ ঘাটলৈ আগ বাঢ়িল। তেতিয়াও জাহাজৰ সময় হোৱা নাছিল, পেটতো ভোক লাগিছিল। তেওঁ এইটো জানি-শুনি- য়েই ঘৰৰ পৰা অলপ শুকান পিঠাগুৰি অাৰু গুৰ আনিছিল । এতিয়া কৌ-পাত এটা বিচাৰি লৈ নৈৰ দাঁতিলৈ গ’ল আৰু জলপানটো খাই ল’লে। তাৰ পাচত তামোল এখন খাই জাহাজলৈ গ’ল আৰু টিকট এটা কিনি জাহাজত উঠিল।
   ন-মান বজাত জাহাজ গৈ শিলঘাট পালে। জাহাজৰ পৰা নামিয়েই তেওঁ জখলাবন্ধালৈ খোজ ল’লে। আগে-পিচে তেওঁ কলিয়াবৰলৈ আহিছিল আৰু এবাৰ হৰৰ ঘৰতো আলহী