পৃষ্ঠা:অদৃষ্ট.pdf/৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

নোৱাৰি। যদিও কালিলৈকে বিয়া পতা টান হ’ব, তথাপি চৌবিশ তাৰিখেই যেনেকৈ হওক বিয়াখন পাতিব লাগিব৷ সেই দিনাও বিয়াৰ দিন আছে। ইয়াৰ ভিতৰতে তিনিজনী মানৰ খবৰ আহিছে। পিচে মোৰ হ’লে তোমালোকৰ লগত হে মিতিৰ পাতিবৰ মন৷ যদি মত দিয়া, মই অান ঠাইত কথা নিদিওঁ।
nbsp;  হালি।—মই কেনেকৈ মত দিওঁ। বৌহঁতে মত দিলেহে পাৰোঁ। তাতে এই তিন দিনৰ ভিতৰত বিয়াৰ যোগাৰ কৰা জানো সম্ভৱ।
nbsp;  মদন।—অসম্ভবেই বা কেনেকৈ! গাখীৰ, গুৰ, কোমল চাউল, তামোল-পাণ একোকে তোমালোকে গোটাব নালাগে। সকলো যোগাৰ মই দিম। লাগিলে অান খৰচৰ বাবেও ডেৰ কুৰি, দুকুৰি টকা দিয়া হ’ব।
nbsp;  হালি।—যৌতুকীয়া মালো যি পাৰোঁ গোটাবলৈ সময় লাগিব। বৌৰ হাতত কিবা টকা-পইচা আছে নে নাই তাকো ক’ব নোৱাৰোঁ।
nbsp;  মদন।—সেই বিষয়ে চিন্তা কৰিব নালাগে। তাকো ময়ে গোটাই দিবলৈ গাত ল’লো। তুমি মাত্ৰ কথাটো ঠিক কৰি দিয়াঁ।
nbsp;  হালি৷—মই এতিয়াই একো ক’ব নোৱাৰোঁ। আগেয়ে চেষ্টা কৰি চাওঁ।
nbsp;  মদন৷ —মোৰ কথা হৈছে চৌবিশ তাৰিখে বিয়া পাতিমেই,