পৃষ্ঠা:অদৃষ্ট.pdf/৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

   সুভদ্ৰা। জনাওঁ কেনেকৈ? এইবোৰ জানো যাকে তাকে ক’ব পৰা কথা?
   বলো। মোক মাতি পঠোৱা হ’লেই হ’লহেতেন
   সুভদ্ৰা। মোৰ মূৰৰে ঠিক নোহোৱা হ’ল। তেনে কথা মনতেই নেখেলালে।
   বলো — বাৰু যি হ’ল হ’ল ; মই কালিলৈকে জখলা- বন্ধালৈ যাওঁ। তাত সকলো কথাৰ জাতি গুৰি লৈ আহিহে কি কৰিব লাগে বুজিব পাৰিম।
   বলোৰ কথাত সুভদ্ৰাই অলপ সান্তনা পালে। আৰু কিছু সময় আন আন কথা পাতি, জা-জলপান খাই গধূলি বেলিকা বলো ঘৰলৈ উলটিল।

________