পৃষ্ঠা:অদৃষ্ট.pdf/৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৯
নোটিচ

   মণি৷ —শুনিছোঁ। অকল শুনাই নহয় দৰাকো লগ পাই আহিছোঁ।
   ভূধৰ।–“ক’ত লগ পালা?
   মণিয়ে তেতিয়া কেনে অৱস্থাত, ক’ত দেখা পাইছিল, ডাক্তৰে কি কৈছিল,—সকলো কথা ভাঙি-পাতি ক’লে। ভূধৰ থৰ লাগিল। ভিতৰত কাৰবাৰ কান্দোন শুনা গ’ল। মণিয়ে ভূধৰক ক’লে,-“মই আজিয়েই বাগিচালৈ যাব লাগিব। সেইহে এতিয়াই মাত লগাবলৈ আহিলোঁ। এতিয়া যাওঁ।”
   ভূধৰ।—ভাল বোপা, যোৱা।
   মণি গ’ল। ভূধৰ চিন্তাত নিমগ্ন হ’ল। ঘৈণীয়েকে ভিতৰৰ পৰা সকলো শুনিছিল৷ এতিয়া কান্দি কান্দি ভূধৰক ক’লে,—“ইমানকৈ চাই-চিতি আঁতি-গুৰি লৈ ইয়াকেহে কৰিলা! অইনৰ ছোৱালীৰ নিচিনা আলাইজাবৰী হোৱা হ’লেও এক কথা আছিল। মোৰ ছোৱালীক ৰূপতেই পেলাব নে গুণতেই পেলাব। এতিযা সিহঁতক জনাই দিয়া। মই জীয়াই থাকোঁতে মোৰ ছোৱালীক এনে মৰা মানুহ এটালৈ কেতিযাও নিদিওঁ। দিবৰ হ’লে মই বিহ খাই মৰিম৷ ”
   মালতীযে ঘটনাটো শুনি ভালকে পালে। যেনে তেনে বিয়াখন ভাগিলেই হয়, নাভাগিলেও এতিয়া পলাই গলে কোনেও দোষ দিব নোৱাৰে৷
   ভূধৰে সেই দিনা তেওঁৰ লগা-ভগা লোকসকলৰ লগত পৰামৰ্শ কৰিলে। বিয়ালৈ মাজত মাত্ৰ নদিন আছে, সকলো