পৃষ্ঠা:অদৃষ্ট.pdf/৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অদৃষ্ট


ধৰি টনা আজোৰা লগাইছে । মানুহজনী মাটিত বহি যোৱাত মাহটোৱে চোঁচোৰাই আনিছে । মানুহটো ক’লা, অসমীয়া যেন নেদেখি। তিৰুতাজনী যে অসমীয়া তাক সাজ-পাৰ আৰু চেহেৰা দেখিলেই বুজা যায় । অস্পষ্ট আলোকত সিহঁতক দেখি দয়াৰামে ভাবিলে নিশ্চয় এইটো বঙাল, ই অসমীয়া তিৰোতাজনীক অকলৈ পাই বলেৰে ধৰি নিব খুজিছে । তেওঁ অলপো নৰৈ ওচৰ চাপি গ’ল আৰু মানুহটোক ক’লে,-“ তই মানুহজনী টানিছ কেলৈ ? এৰি দে।”

   মানুহ৷ নিদিওঁ, তই কি কৰিবি ?

   দয়া । এৰ বুলিছোঁ ভালে ভালে ।

   মানুহ । নেৰোঁ, তই কি কৰিবি ! এইজনী তোৰ মাৰ নে ঘৈণীয়েৰ !

   “কি ? নেৰ ? "-এই বুলিয়েই, দয়াৰামে মানুহটোৰ তপিনাতে এটা মাৰ শোধাই দিলে । মানুহটো বাগৰ খাই পৰিল আৰু অলপ সময় হাত-ভৰি আছাৰি সটং জুৰিলে ।

   মানুহজনীযে তাক তুলিবলৈ যত্ন কৰিলে, কিন্তু নোৱাৰিলে । দযাৰামে আলি খাৱৈৰ পৰা কচুপাতেৰে পানী আনি মূৰত দিলে, কিন্তু তাৰ পৰা একো ফল নহ’ল । মানুহটোৰ চকু ঢেল খালে , হাত-ভৰি ঠৰঙা হৈ আহিল। তেতিয়া মানুহ- জনীয়ে “ঔ তেনেয়ে মাৰিলে ঔ !” বুলি চিঞৰি কান্দিবলৈ ধৰিলে । তাইৰ কান্দোন শুনি কেইটামান মানুহ সেই ফাললৈ লৰি আহিল। । দয়াৰামে প্ৰমাদ গণিলে। তেওঁ হতবুদ্ধি