পৃষ্ঠা:অদৃষ্ট.pdf/৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰথম অধ্যায়

—---—

আকস্মিক দুৰ্ঘটনা

 সময় সন্ধিয়া। আন্ধাৰে প্ৰকৃতিৰ ৰেহ-ৰূপ অষ্পষ্ট কৰি তুলিছে, কিন্তু একেবাৰেই লুকুৱাব পৰা নাই। আকাশত দুই-এটা তৰাই মাথোন ভুমুকি মাৰিছে। জুৰ বতাহে ধীৰ গতিৰে নতুনকৈ ফুলা ফুলৰ ৰেণু ছটিয়াই ফুৰিছে। এনে সময়ত এজন মানুহ জখলাবন্ধাৰ পৰা শিলঘাটৰ ফাললৈ গৈ আছিল। তেওঁৰ নাম দয়াৰাম, ঘৰ তেজপুৰৰ ফালে, বয়স তেইশ চৌবিশ বছৰমান হ’ব। তেওঁৰ সাজ-পাৰ আছিল এখন ধুতি, এটা কামিজ তাক এখন এৰীয়া কাপোৰ; ভৰিত কেনভাচৰ জোতা। হাতত এডাল সৌকাৰ লাখুটি।

 তেওঁ একেৰাহে গৈ আছিল, বাটত ঘৰলৈ উলটি অহা দুই এটা গৰুৰ বাহিৰে আন একো লগ পোৱা নাছিল। এনে দৰে অলপ সময় যোৱাৰ পাচত তেওঁ সম্মুখৰ ফালে কাৰবাৰ কাজিয়া লগা যেন শুনিলে। তেওঁ বেগেৰে আগ বাঢ়িল। অলপ গৈয়েই তেঁও দেখিলে, — এটা ডেকা মানুহে এজনী ডেকেৰীক