পৃষ্ঠা:অদৃষ্ট.pdf/৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

   বাবা। কহাঁসে আউঁগা ৷ মেৰে জানেকী কোই খাস জগহ নহীং হৈ।
   নৰাই । এতিয়া আহিল ক’ৰ পৰা?
   বাবা । উস নগৰকে শিৱাজীকে মন্দিৰসে । কল ৰাতকো ৱহা পহুচকৰ ৱহীং ঠহৰ গয়া ।
   নৰাই । আজি ক’ত থাকিব ?
   বাবা । জাহাঁ পৰ হী ৰাত হোতী হৈ। পেড়কে নীচে, পহাড়, মৰঘট য়ে হি মেৰে ৰহনেকে স্থান হৈ ।
   নৰাই। দয়া কৰি দুখীয়াৰ ঘৰত পদ-ধূলা দিব নে ?
   বাবা ৷ হম গৃহস্থ আদমীকে ঘৰ নহীং জাতে ।
   নৰাই । নহয়, দয়া কৰি মোৰ ঘৰত এবাৰ পদধূলা দি অাক ।
   বাবা । ৱহ মেৰে নিয়মকে বাহৰ হৈ । ফিৰভী তুমহাৰা মন দুখানা নহী চাহতা । ঘৰ কিতনা দূৰ হৈ ?
   নৰাই । বেচি নহয় । অলপ সোমাই গ’লেই পাম।
   নৰাইৰ কাকূতিত সন্তুষ্ট হৈ বাবাজীজন তেওঁৰ লগে লগে গ’ল আৰু নৰাইৰ ঘৰ পালে। নৰায়ে চৰা ঘৰতে পীৰা এখন পাৰি বহিবলৈ দিলত বাবাজীয়ে ক’লে,- ”মৈ ঘৰকে অন্দৰ নহীং বৈঠতা । (আকাশলৈ আঙ্গুলিয়াই) য়হী মেৰা ঘৰ হৈ । ”
   নৰায়ে তেতিয়া পীৰাখন আনি চোতালত দিলে । বাবাজী বহিল। তাৰ পাচত তেওঁ কাহী এখনত তুলি কল একাষি