পৃষ্ঠা:অদৃষ্ট.pdf/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

লুকাই-লুকায়েই ফুৰিব লাগিব । ইয়াত আৰু পলম নকৰোঁ৷ মই যাওঁ ।
   সুভদ্ৰাৰ মাত-বোল হৰিল ! বাবাজীৰ সাজটো পিন্ধি দয়াৰাম ওলাই গ’ল অাৰু আন্ধাৰৰ লগত মিহলি হৈ পৰিল । দয়াৰাম গ’লত সুভদ্ৰা আৰু কপাহীয়ে চকুলো টুকিবলৈ ধৰিলে। তেওঁলোকৰ কপালত নো বিধাতাই এনেকৈয়ে লিখিলে নে । যেনি খোজ দিব খোজে তেনিয়েই কাঁইট !
   সেই ৰাতি মাক-জীয়েক কাৰো টোপনি নাহিল ।

__________